
উত্তৰ অসমঃ বুধবাৰে অসমীয়াই পালন কৰিলে চেনেহৰ কাতি বিহু৷ আদৰৰ বিহুক আদৰিবলৈ উজনি-নামনি সকলোতে পুৱাৰে পৰা ব্যস্ত অসমীয়া৷ প্ৰতিঘৰ অসমীয়াৰ পৰিয়ালত এতিয়া উখল-মাখল পৰিবেশ৷ নানান ব্যস্ততাৰ পৰা ফালৰি কাটি প্ৰতিঘৰ অসমীয়াই কাতি বিহুৰ পালন কৰিলে৷ কাতি বিহুৰ বাবে ব্যৱসায় প্ৰতিষ্ঠান, ঘৰৰ পদুলি পোহৰাই তুলিছে অসমীয়াই৷ দেশ, জাতি, সমাজ, সমৃদ্ধ হোৱাৰ কামনাৰে বুধবাৰে অসমীয়া জাতিয়ে কাতি কাতি বিহু পালন কৰে৷ কপালৰ ঘাম মাটিত পেলাই পথাৰত খেতি কৰি অসমীয়াই বাট চাইছে ঘৰলৈ সোনগুটি আহিব৷
সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰনগৰী মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আউনীআটী সত্ৰত ২১ জোৰা আকাশ-বন্তি প্ৰজ্বলন কৰি মাজুলীৰ আকাশ উজ্বলাই পৰম্পৰাগত কাতি বিহু পালন কৰা হয়৷ ঐতিহাসিক ৩৬৫ বছৰীয়া বিৰল পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে প্রার্থনা কৰে সত্ৰাধিকাৰ-বৈষ্ণৱ সকলে। শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পিতাম্বৰদেৱ গোস্বামী, ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেবানন্দ দেৱ গোস্বামী আৰু বৈষ্ণৱবৃন্দৰ লগতে ৰাইজে অংশগ্ৰহণ কৰে পৰম্পৰাগত কাতি বিহু উৎসৱত।
পৰম্পৰাগত ৰীতি নীতিৰে সত্ৰসমাজত আৰু গাঁৱে-ভূঞে শিশুৰ পৰা জ্যেষ্ঠজনলৈ বিহু উদযাপনত ব্যস্ত হৈ পৰে। কাতি মাহত তোলা ৰাশিৰ লগত ৰবি সংযোগ হোৱাত ধান ধৰ্ম দুগুণে বৃদ্ধি পাই বুলি উল্লেখ আছে পদ্ম পুৰাণত। গেঁৰমেলা ধাননিডৰাৰ সুগন্ধি সুৱাস, ঔটেঙা বাকনি আৰু মাটিৰ আকাশবন্তিৰ পোহৰ আৰু আহিন আহিন লগা নিৰ্মল পৰিবেশটোৱে চুই যায় সকলোৰে দেহমন, বানে-ককাল থেকেচি জুৰুলা কৰি থৈ যোৱা চহা কৃষকৰ ঘৰ-চোতাল-পদূলি সকলোতে জ্ৱলে আশাৰ বন্তি।
চোতালৰ মুৰত ভেঁতি সাজি তুলসীৰ তলত প্ৰাৰ্থনা কৰি মাজুলীবাসীয়ে অপায়-অমংগল দূৰ হোৱাৰ কামনা কৰে। মাজুলিবাসীয়ে ধানৰ ভঁড়াল, পথাৰত চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰে। মাজুলীৰ আউনীআটী সত্ৰৰ পৰাই সপ্তাহ যোৰা ব্যস্ততাৰে সত্ৰৰ চৌপাশ সজাই পৰাই একৈশ যোৰ আকাশ বন্তি প্ৰতিষ্ঠা কৰে। দিনৰ ভাগত নাম প্ৰশংগ, ওজাপালি গায়নবায়ন প্রদর্শন কৰা পাছত সত্ৰধিকাৰ, ডেকা সত্ৰধিকাৰ, সমন্বিতে বৈষ্ণৱ সকলে শোভাযাত্রা কৰি নামঘৰ পৰা আকাশ বন্তি প্ৰতিষ্ঠা কৰা ঠাইলৈ আহে।
ডবা-শংখ, খোল-তালৰ ধব্বনিৰ তালে তালে, ঢুলীয়া-খোলীয়া নটুৱাই নাম কীৰ্তন গাই আকাশ বন্তিৰ চাৰিওফালে চাৰিবাৰ প্ৰদক্ষিণ কৰে। ইয়াৰ পাছত সত্ৰধিকাৰে মহাপ্ৰভুক প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰে। ২১ যোৰা আকাশ বন্তি প্ৰজ্বলন কৰি সত্ৰধিকাৰ বৈষ্ণৱ, ৰাইজৰ অসূয়া-অপ্ৰীতি অশান্তি আঁতৰাই ভাতৃত্ব বোধ স্থাপনৰ মনোভাবেৰে পোহৰ উদ্ভাসিত কৰিবলৈ প্রার্থনা কৰে।