বালিলেছা কালী দেৱালয়ত সাংস্কৃতিক শোভাযাত্ৰাৰে শ্যামা পূজা আৰম্ভ

নলবাৰীঃ নলবাৰী জিলাৰ বালিলেছাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কালী দেৱালয়ত আজিৰে পৰা বণাৰ্ঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী শ্যামা পূজাৰ মহা আয়োজনৰ আৰম্ভ হৈছে৷ আজি ৰাতিপূৱা ৭ বজাত পতাকা উত্তোলন, ৭-৩০ বজাত শ্বহীদ তৰ্পন, ৮ বজাত বৃক্ষৰোপণ, ৯ বজাত জল অনায়ন, ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰে শ্ৰী শ্ৰী শ্যামা পূজাৰ কাৰ্যক্ৰমণিকা আগবঢ়োৱা হয়৷

দিনৰ ১ বজাত নাম কীৰ্ত্তন পৰিবেশন কৰাৰ লগতে সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন, ৬ বজাত আৰতি প্ৰদান, ৬-৩০ বজাত বীৰ শ্বহীদ জোৱান সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি, ৬-৪৫ বজাত আতচবাজী প্ৰদৰ্শন, ৭ বজাত  শ্ৰী শ্ৰী শ্যামা পূজা আৰম্ভ ও ওজাপালি প্ৰদৰ্শন, নিশা ১১-৩০ বজাত পূজা সমাপণ আৰু প্ৰসাদ বিতৰণ কৰা হ’ব৷

নিশা ১২ বজাত ৰাজহূৱা ভোগ বিতৰণ কৰা হ’ব বুলিও শ্যামা পূজা আয়োজক সমিতিয়ে জানিবলৈ দিয়ে৷