
গুৱাহাটীঃ বৃহস্পতিবাৰে ৰাজ্যৰ চৰকাৰৰ পৰ্যটন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰত উন্নয়ণৰ বাবে লোৱা বিশেষ আঁচনি সমূহ ঘোষণা কৰে৷ অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ মৰ্যাদাপূৰ্ণ দাদা চাহেব ফাল্কে অকাডেমি বঁটাৰে বিভূষিত বলিউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ অভিনয় কৰা অসম পৰ্যটনৰ বিজ্ঞাপন মুকলি কৰাৰ পুৰ্বে সংবাদমেল অনুষ্ঠিত কৰি অসম চৰকাৰে পৰ্যটনৰ বিকাশৰ বাবে আগবাঢ়িছে বুলি কয় হিমন্তই৷
অসমৰ পৰ্যটন ক্ষেত্ৰত নিয়োগ বৃদ্ধিৰ লগতে স্থানীয় জনগোষ্ঠী সমূহক পৰ্যটন ক্ষেত্ৰত জড়িত কৰিব লাগিব বুলি কয়৷ অম্বুবাচী মেলা, কাজিৰঙা, মাজুলীৰ সংস্কৃতিক আমি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰুত্ব দিব লাগিব৷ আমি অসম পৰ্যটনৰ এটি ৱেব ছাইড মুকলি কৰিম৷ তাক সকলো বিলাক তথ্য সন্নিবিষ্ট থাকিব৷ তাৰ পৰা মানুহে জানিব পাৰিব৷ আমি মানুহৰ ঘৰত পৰ্যটক ৰখাৰ ব্যৱস্থা কৰিম৷
তাৰ বাবে ঘৰ খনৰ পৰিবেশ উন্নয়ণৰ ব্যৱস্থা কৰিব লাগিব বুলি কয় পৰ্যটন মন্ত্ৰী হিমন্তই৷ আনহাতে পৰ্যটন ক্ষেত্ৰত শ্ৰেষ্ঠ উদ্যোগী পুৰুষ-মহিলাক পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে৷ পৰ্যটনৰ দিশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰা শ্ৰেষ্ঠ লোকক পুৰস্কাৰ দিয়াৰ লগতে শ্ৰেষ্ঠ ৰেষ্টুৰেন্টক পুৰস্কাৰ দিয়াৰো কথা ঘোষণা কৰে৷
হিমন্তই অসম পৰ্যটন ক্ষেত্ৰত নতুন নীতি প্ৰস্তুত কৰা বুলি কয়৷ অসমৰ পৰ্যটনৰ সম্পৰ্কীয় বোলছবি তথা হোটেল নিৰ্মাণ কৰিলে ৰাজ সাহায্য দিয়াৰ কথাও কয় হিমন্তই। জনতা ভৱনত এটি বিশেষ অনুষ্ঠানৰ জৰিয়তে অসম পৰ্যটনৰ বিজ্ঞাপনৰ মুকলি কৰে হয়৷ এই বিজ্ঞাপনৰ জৰিয়তে দেশ বিদেশত অসমৰ পৰ্যটনৰ ক্ষেত্ৰৰ প্ৰচাৰ প্ৰসাৰ হ’ব বুলি দাবী কৰে চৰকাৰে৷ বিশ্বৰ তথা দেশৰ পৰ্যটকসকলক আকৰ্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে যদিও বিজ্ঞাপনৰ দৃশ্যপট মুম্বাইৰ৷ কিয়নো ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাই ব্যস্ততাৰ বাবে অসমলৈ আহিবৰ বাবে সময় দিব পৰা নাছিল৷