
তুলসীবাৰীঃ ৰঙিয়া মহকুমাৰ ভিন্ন প্ৰান্তৰ সামান্তৰালকৈ তুলসীবাৰীৰো তিনিখনকৈ পূজা মণ্ডপত আজিৰে পৰা বণাৰ্ঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী শ্যামা পূজাৰ মহা আয়োজনৰ আৰম্ভ হৈছে৷
ইয়াৰে ৪৯ সংখ্যক বৰ্ষত পদাৰ্পণ কৰা তৰণী-তুলসীবাৰী বাৰোৱাৰী শ্যামা পূজাৰ কাৰ্যসূচী হিচাপে আজি ৰাতিপূৱা প্ৰতিমা স্থাপন কৰাৰ পাছত সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন কৰিব ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই৷
ইয়াৰ পাছতে বন্দনা, ওজাপালিৰ লগতে নিশাৰ ভাগত নাগাৰা নাম পৰিবেশন কৰিব পল্লবী কলিতা আৰু নিৰ্মালী শইকীয়াই৷
তেনেদৰে অইন দুখন পূজা মণ্ডপতো ধৰ্মীয় তথা বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি শ্যামা পূজা আয়োজক সমিতিয়ে জানিবলৈ দিছে৷