জোনাই চিমেন চাপৰিৰ বাথৌ মন্দিৰত লখিমী আদৰাৰ প্ৰস্তুতি

জোনাইঃ জোনাই মহকুমাৰ অন্তৰ্গত চিমেন চাপৰিস্থিত বাথৌ মহাসভাৰ উদ্যোগত আজি ৪২ সংখ্যক মাইনাও পূজা আয়োজন কৰা হয়৷ বড়ো সকলৰ বাবে মাইনাও হৈছে ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীৰ বেদী৷

আজি বাথৌ মহাসভাই বাথৌ মন্দিৰত লক্ষ্মী দেৱীক আদৰি আনি মাইনাও বেদীত স্থাপন কৰে৷ পুৱা ৬ বজাত চিমেন বাথৌ মহাসভাৰ সভাপতি ৰামেশ্বৰ ৰামছিয়াৰীয়ে পতকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পিছত চিমেন নদীত পূজা অৰ্চনা কৰি লক্ষ্মী আইক আদৰি মাইনাও বেদীত স্থাপন কৰা হয়।

ইয়াৰ পিছত বাথৌ মন্দিৰত এক ধৰ্মীয় সভা অনুষ্ঠিত কৰা হয় লগতে ধৰ্মীয় নীতি নিয়ম অনুসৰি সমস্ত জীৱকুলৰ কুশল কামনাৰ্থে স্থানীয় ৬৫ খন গাঁৱত লখিমী বিতৰণ কৰে আৰু সন্ধিয়া ৫০১ গছি বন্তি প্ৰজ্বলন কৰে।