
নুমলিগড়ঃ উজনি-ন্মনিত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জাকে জাকে নামি অহা হাতীৰ জাকে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ তাণ্ডৱ চলাই৷ দীপাৱলীৰ উলাহ-মালহৰ মাজতে বৃহস্পতিবাৰে পুৱা নুমলিগড়ত এটি বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই৷ নুমলিগড়ৰ বিভিন্ন অঞ্চলত পুৱাই হাতীৰ জাকটোৱে গেঁৰ ধৰা ধানৰ পথাৰ খাই গচকি তহিলং কৰি৷
প্ৰায় ৩০/৪০টা হাতীৰ জাকটোৱে খেদিবলৈ নাছিল বন বিভাগৰ লোক৷ স্থানীয় ৰাইজে হাতীৰ জাকটোক খেদিবলৈ অপ্ৰাণ চেষ্টা কৰে যদিও সফল নহয়৷ খাদ্যৰ সন্ধানত বনাঞ্চালৰ পৰা নামি অহা হাতীৰ জাকটোক অৱশেষত এগৰাকী কিশোৰে মৰসাহ কৰি খেদিব যায় ৷
হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি হাতীয়ে খেদি অহাৰ পিছতো উভতি অহা নাছিল৷ সপোনৰ খেতি ডৰা ৰক্ষা কৰিবলৈ কিশোৰটোৱে খালি হাতেৰে মোকাবিলা কৰিবলৈ যোৱাত চাঞ্চল্যৰ সৃষ্টি হয়৷ আনহাতে চাহ বাগিচাৰ মাজতো সোমাই যথেষ্ট ক্ষতিসাধন কৰে হাতীৰ জাকটোৱে৷ খেতি পথাৰৰ সমানে সমানে আক্ৰমন কৰে মানুহকো৷