
শিমলুগুৰিঃ অসমৰ বিশিষ্ট তবলা বাদক শিল্পী পেঞ্চনাৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কনিষ্ঠ ভাতৃ টংকেশ্বৰ শইকীয়াৰ (৭৮) বুবাৰে নিশা দীৰ্ঘ দিনীয়া অসুস্থতাৰ পিছত শিৱসাগৰৰ এখন নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। নাজিৰা খৰ্গেশ্বৰী শইকীয়া সোঁৱৰণি সংগীত মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক তথা অধ্যক্ষ টংকেশ্বৰ শইকীয়া (টুনী) ভাৰতবৰ্ষৰ আগশাৰীৰ তবলা বাদক সকলৰ ভিতৰত এজন আছিল।
তেওঁ বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকা, আমজাদ আলী খান, খগেন মহন্তকে ধৰি বহু কেইজন স্বনামধন্য সংগীত শিল্পীৰ লগত তবলা সংগত কৰাৰ লগতে জনপ্ৰিয় শিল্পী প্ৰয়াত মহানন্দ মজিন্দাৰ বৰুৱাৰ অতি ঘনিষ্ঠ বন্ধু আছিল।
১৯৩৯ চনত জন্মলাভ কৰা শইকীয়া ভাটখাণ্ডেৰ তবলা বিশাৰদ আছিল। অসমৰ উচ্চ মাধ্যমিক বিদ্যালয় সমূহত সংগীত শিক্ষক নিযুক্তিৰ জৰিয়তে সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্রত বিশেষ ভূমিকা লোৱা শইকীয়াই বহুকেইবছৰ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত শিক্ষকতা কৰি স্বেচ্ছাৱসৰ লৈছিল।
পিছলৈ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ৰাজনৈতিক কাম কাজত সহায় কৰিবলৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নিষ্ঠাবান কৰ্মী হিচাবে ৰাজনৈতিক পথাৰত নামি পৰিছিল । নাজিৰা ব্লক কংগ্ৰেছৰ সভাপতিৰ দৰে পদ অলংকৃত কৰা শইকীয়া হিতেশ্বৰ শইকীয়াৰ মুখ্যমন্ত্ৰীত্ব কালত নাজিৰা সমষ্টিৰ উন্নয়নৰ দিশ চোৱা চিতা কৰিছিল।
বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ সৰু খুড়াক শইকীয়া মৃত্যু পৰ্যন্ত নাজিৰা নাট্য সমিতিৰ সভাপতি আৰু নাজিৰা খৰ্গেশ্বৰী শইকীয়া সোঁৱৰণি সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাবে কাৰ্যনিৰ্বাহ কৰি আছিল। অসমৰ বিশিষ্টা কবি ঊষা শইকীয়াৰ স্বামী তথা শিমলুগুৰি নগৰ সমিতিৰ প্ৰাক্তন সভাপতি পলাশ পৱন শইকীয়াৰ পিতৃ টংকেশ্বৰ শইকীয়াই মৃত্যুৰ সময়ত পত্নী সহ দুই পুত্ৰ, এগৰাকী কন্যা সন্তান, বোৱাৰী আৰু বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।
শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে কেইবা শতাধিক গুণমুগ্ধ আজি পুৱাই তেওঁৰ শিমলুগুৰি বৰদুৱাৰ মুখস্থিত বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। শিমলুগুৰি নগৰ সমিতিৰ প্ৰাক্তন ৱাৰ্ড কমিচনাৰ তথা শিমলুগুৰি নাট্য সমিতিৰ প্ৰাক্তন সভাপতিগৰাকীৰ নশ্বৰদেহ শিমলুগুৰি ৰোহিতেশ্বৰ শইকীয়া সোঁৱৰণি নাট্যমন্দিৰ প্ৰাঙ্গনলৈ নি নাজিৰা মহকুমাৰ বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। দুপৰীয়া গড়মূৰ বাঁহগড় অঞ্চলত থকা পৰিয়ালৰ শ্মশানত কেইবাশতাধিক গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে।