মৰিগাঁৱত ৫০ বছৰীয়া নুৰচদে ধৰ্ষণ কৰিলে ৫ বছৰীয়া কন্যাক

বাৰপুজীয়াঃ দীপাৱলীৰ আনন্দ উলাহৰ মাজতে মৰিগাঁও জিলাত সংঘটিত হৈছে নিকৃষ্ট ঘটনা৷ জিলা খনৰ লাহৰিঘাট থানা এলেকাৰ বৰচকাবাহাত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হয় এই ঘটনা৷ জানিব পৰা মতে, নুৰচদ আলি নামৰ লোকজনে ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ ৫ শিশুক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয়৷

কন্যা শিশুটোৱে পৰিয়ালৰ লোকক এই বিষয়ে অৱগত কৰাৰ লগে লগে হুৱা দুৱা লাগে৷ ঘটনা ৰাষ্ট্ৰ হোৱাৰ পিছতে নুৰচদে পলায়ণ কৰে৷

পিছত পৰিয়ালে শিশুটোক মৰিগাঁও চহৰত চিকিৎসা কৰায়৷ মৰিগাঁও সদৰ থানাত পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই নুৰটদক আটক কৰবলৈ সক্ষম হয়৷ ঘটনাই তীব্ৰ চায্চল্যৰ সৃষ্টি কৰিছে৷