নগাঁৱত দীপাৱলীৰ উৎসৱমুখৰ পৰিবেশ, কলগছৰ দাম ২৫০ টকা

নগাঁওঃ সমগ্ৰ ৰাজ্যতে ৰাইজে ব্যাপক উলাহ-মালহেৰে উদযাপন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলে উচ্চ-নীচ ভেদাভেদ পাহৰি আলোকৰ অতি হেঁপাহৰ উৎসৱটি সৰ্বত্ৰে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৰু-ডাঙৰ লোকসকলৰ মাজত পালন কৰি আহিছে এই উৎসৱ৷ পোহৰৰ উৎসৱ দীপাৱলীক ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাটো ব্যাপক উৎসাহ-উদ্দীপনাৰ পালন কৰা হয়৷

জিলাখনৰ সকলো গ্ৰামাঞ্চলৰ লগতে নগাঁও চহৰটো বৃহস্পতিবাৰে দেৱালীক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয়৷ অৱশ্যে একাংশ অসাধু ব্যৱসায়ীয়ে মইমতালিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অভাৱনীয় ভাবে বৃদ্ধি কৰাত কিছু পৰিমাণে দীপান্বিতাৰ আনন্দ-উল্লাসত ম্লান পৰে৷ তথাপিও তেনে সমস্যাৰ কথা ক্ষণিকৰ বাবে পাহৰি দেৱালীৰ ৰীতি-পৰম্পৰা বেছ ৰং-ৰহইচৰ মাজেৰেই ৰক্ষা কৰা পৰিলক্ষিত হয়৷

প্ৰতিঘৰ গৃহস্থ আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ লোকসকলে কলপুলি পুতি তাত মাটিৰ চাকি আৰু ম’মবাটি জ্বলাই পোহৰৰ উৎসৱটি পালন কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ ফটকা, ফুলজাৰি আৰু আতচবাজিৰে আকাশ-বতাহ ৰজন-জনাই তুলি চৌদিশে পোহৰৰ নানাৰঙী মায়াসনা মায়াজাল সৃষ্টি কৰে৷ অৰ্থাৎ শব্দ আৰু নানাৰঙী পোহৰৰ খেলাই চঞ্চল কৰি পেলালে তমসাছন্ন নিশাৰ পৰিবেশ ৷ তদুপৰি একাংশ অত্যুৎসাহী বিত্তশালী ব্যক্তিয়ে নিজৰ আৱাসগৃহ আৰু ব্যৱসায়-প্ৰতিষ্ঠান আদি দুগুণ উৎসাহেৰে ৰঙীল বিজুলিবাতিৰে আটকধুনীয়াকৈ সজাই তোলা দেখা যায়৷

ইফালে, অন্ধকাৰ নাশি ধৰাতল পোহৰাই তুলিবলৈ সক্ষম হোৱা এই উৎসৱত কিন্তু অপৰিহাৰ্য আপোনাৰ-মোৰ সবাৰে অতি চিনাকী বাৰীৰ কলপুলিটো ৷ কাৰণ এই কলপুলিটোক মূল আধাৰ হিচাপে লৈ চাকি-বন্তি জ্বলোৱাৰ যি পৰম্পৰা অতীজৰে পৰা যুগ যুগ ধৰি চলি আহিছে সেয়া বৰ্তমানেও পৰিবৰ্তন হোৱা নাই ৷ কাজেই, দীপাৱলীত স্বাভাবিকতেই বৃদ্ধি পায় কলপুলিৰ অভাবনীয় চাহিদা ৷

আলোকৰ মনপ্ৰাণ পুলকিত কৰা এই উৎসৱত অতিকে গুৰুত্ব তথা আদৰ লাভ কৰৰি অহা এজোপা কলগছৰ দাম এইবাৰ নগাঁৱত ২৫০ টকালৈ বৃদ্ধি হোৱা দেখা গ’ল৷ সৰু আকাৰ একোটা কলপুলি ৯০--১২০ টকা আৰু ডাঙৰ একোটা কলপুলি ১৫০-২৫০ টকাত বিক্ৰী হয় ৷ কিন্তু এনে বৰ্দ্ধিত দাম আদায় দি হ’লেও বহুতে বনাদ্বিধাই ক্ৰয় কৰিলে কলপুলি ৷

উল্লেখ্য, সাধাৰণতে চহৰাঞ্চলত দুৰ্লভ এই কলপুলি একাংশ ব্যৱসায়ীয়ে গাঁৱৰ পৰা খুব কম দামত ক্ৰয় কৰি এইবোৰ ঠেলা, টেম্প’, মিনিট্ৰাক, টেক্টৰ আদিৰে চহৰলৈ কঢ়িয়াই অধিক দামত বিক্ৰী কৰি মুনাফা লুটে৷ ফলত মাত্ৰ এটা দিনৰ বাবে বন্তি জ্বলোৱাৰ নামত কাটি খাছটাং কৰা হ’ল হাজাৰ হাজাৰ কলগছ ৷ ইফালে, কলপুলি জোপা পুতি তাত চাকি-বন্তি জ্বলাবৰ বাবে প্ৰয়োজন হোৱা বাঁহৰ কামি আকৈ প্ৰতিযোৰাত ৫০-৭০ টকা দৰত বিক্ৰী কৰে এচাম চতুৰ ব্যৱসায়ীয়ে৷