অভয়াপুৰীত পোহৰেৰে উজলিল 'তাজমহল', লটাছ টেম্পল’

অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীতো ৰাইজে ব্যাপক উলাহ-মালহেৰে উদযাপন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী৷ উচ্চ-নীচ ভেদাভেদ পাহৰি সকলোৱে হেঁপাহেৰে পালন কৰা পৰিলক্ষিত হৈছে আহিছে এই উৎসৱ৷ বৃহস্পতিবাৰে দেৱালীক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয়৷ অৱশ্যে একাংশ অসাধু ব্যৱসায়ীয়ে মইমতালিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অভাৱনীয় ভাবে বৃদ্ধি কৰাত কিছু পৰিমাণে দীপান্বিতাৰ আনন্দ-উল্লাসত ম্লান পৰে৷ তথাপিও তেনে সমস্যাৰ কথা ক্ষণিকৰ বাবে পাহৰি দেৱালীৰ ৰীতি-পৰম্পৰা বেছ ৰং-ৰহইচৰ মাজেৰেই ৰক্ষা কৰা পৰিলক্ষিত হয়৷

পোহৰৰ উৎসৱ দীপান্বিতাক আদৰিবলৈ আমাৰ ৰাজ্য খনৰ সকলো প্ৰান্তৰে ৰাইজ পুৱাৰে পৰা হৈ পৰিছে ব্যস্ত। প্ৰায় প্ৰতিঘৰ পৰিয়ালত এতিয়া উখল-মাখল পৰিবেশ। নানান ব্যস্ততাৰ পৰা ফালৰি কাটি ৰাইজে পালন কৰিছে পোহৰৰ উৎসৱটি। দীপাৱলীৰ বাবে ব্যৱসায় প্ৰতিষ্ঠান, ঘৰৰ পদুলি পোহৰাই তুলিছে ৰাইজে। সমগ্র ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো দীপাৱলী আৰু কালীপূজাকলৈ এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে।

চহৰখনৰ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰৰ পদুলিত মাটিৰ চাকি আৰু ৰঙীন আলোকসজ্জাৰে উজলি উঠাৰ সময়তে অভয়াপুৰীৰ এটি অঞ্চলত ব্যতিক্ৰমী ভাবে পালন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলীক। অভয়াপুৰীৰ সমীপৰ পিৰাধৰাৰ প্ৰায় ১৫গৰাকী যুৱকে স্থানীয় ৰাইজৰ সহযোগত বিগত বছৰৰ দৰে এইবেলিও মাটিৰ চাকিৰ আলোকসজ্জাৰে দীপান্বিতাৰ সন্ধিয়া অভয়াপুৰী উজলাই তোলে।

ঋষিকেশ, সঞ্জীত, সপোনজ্যোতি, প্ৰদীপ আদিকে ধৰি প্ৰায় ১৫গৰাকী যুৱকে ভাৰতৰ ঐতিহাসিক গুৰুত্ব আৰু ৰাষ্ট্রীয় সংহতিক বিষয়বস্তুঃ হিচাপে লৈ বাহ আৰু কাঠেৰে বিশ্বৰ সপ্তম আশ্বাৰ্য আগ্ৰাৰ তাজমহল, দিল্লীৰ লটাছ টেম্পল আৰু ভাৰতৰ ৰাষ্ট্রীয় চৰাই ময়ূৰ নিৰ্মাণ কৰি মাটিৰ চাকিৰে উজলাই তোলে।

আনহাতে অঞ্চলটোৰ যুৱক সকলে দান-বৰঙণি সংগ্ৰহ কৰাৰ বিপৰীতে স্থানীয় ৰাইজৰ নিঃস্বাৰ্থ সহযোগত দীপাৱলীৰ প্ৰায় ১৫ দিন আগৰে পৰা কৰা অক্লান্ত পৰিশ্ৰমৰ অন্ততঃ এই কাৰ্য সমাপন হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ প্ৰদুষণমুক্ত দীপাৱলী উদযাপন কৰা আৰু কৃত্ৰিম জাকজমকতাৰ বিপৰীতে মাটিৰ চাকিৰ ব্যৱহাৰেৰে মৃতপ্ৰায় মৃৎশিল্পক জীয়াই ৰখাৰ প্ৰচেষ্টা আগলৈকে অব্যাহত থাকিব বুলি কয় স্থানীয় যুৱকসকলে৷