
পাথৰিঘাটঃ দৰং জিলাৰ পাথৰিঘাট ৰাইজে ব্যাপক উলাহ-মালহেৰে উদযাপন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী৷ আৱাল, বৃদ্ধ বনিতাৰ পৰা ডেকালৈ সকলোৱে উচ্চ-নীচ ভেদাভেদ পাহৰি সকলোৱে হেঁপাহেৰে পালন কৰা পৰিলক্ষিত হৈছে দীপাৱলী৷ বৃহস্পতিবাৰে দেৱালীক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয় পাথৰিঘাটত৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অভাৱনীয় হাৰত বৃদ্ধি হোৱাত কিছু পৰিমাণে দীপান্বিতাৰ আনন্দ-উল্লাস ম্লান পৰিছে দিও ক্ষণিকৰ বাবে পাহৰি দেৱালীৰ ৰীতি-পৰম্পৰা বেছ ৰং-ৰহইচৰ মাজেৰেই ৰক্ষা কৰা পৰিলক্ষিত হয়৷
ছিপাঝাৰ বিধান সভা সমষ্টিৰ বৈৰাগীপাৰা, বানেইকুছি আৰু চমতীয়াপাৰাৰ শ শ লোকে জ্বলাই ২০১৭ গছি মাটিৰ চাকি৷ পোহৰৰ উৎসৱ দীপাৱলীৰ নিশা পোহৰাবলৈ সমূহীয়াভাৱে ২০১৭ গছি মাটিৰ চাকি জ্বলাই সমাজত শান্তি কামনা কৰে৷ স্থানীয় গোৱধনপাৰা শিৱ মন্দিৰ প্ৰাংগনত ৰাজহুৱা পালন কৰে দীপাৱলী৷