ছাত্ৰ একতা সভাৰ নিৰ্বাচনত কংগ্ৰেছৰ ধনৰ প্ৰয়োগ

গোৱালপাৰাঃ গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীয়ে জয়ী হোৱাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে শুভেচ্ছা যাচে৷ বৃহস্পতিবাৰে এক বিবৃতি যোগে সংগঠনটোৱে গুৰুত্বপূৰ্ন দুটা পদবীত ক্ৰমে সমাজ সেৱা বিভাগত উপমা নাথ আৰু প্ৰাচীৰ পত্ৰিকা বিভাগত ইমদাদুল ইছলামে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হয় বুলি কয়। প্ৰথম বাৰৰ বাবে মহাবিদ্যালয়খনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰি বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হোৱাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা নেতৃত্বই সন্তোষ প্ৰকাশ কৰে৷

সংগঠনটোৰ গোৱালপাৰা জিলা সমিতিয়ে অসমৰ ভিতৰত এইখন মহাবিদ্যালয়তে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ নামত বহু টকা খৰচ হয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অসমৰ অন্য কোনো কলেজত ইমান টকা খৰচ নহয় কিয়নো মহাবিদ্যালয়খনত এইবাৰ কংগ্ৰেছ দলৰ ভাতৃ সংগঠন এন এচ ইউ আই সমৰ্থিত প্ৰাৰ্থী আগবঢ়োৱাৰ নামত জিলা খনৰ পূব গোৱালপাৰা বিধান সভা সমষ্টিৰ বিধায়ক আবুল কালাম ৰশিদ আলম আৰু পশ্চিম গোৱালপাৰা বিধান সভা সমষ্টিৰ বিধায়ক আলহাজ আব্দুৰ ৰশিদ মণ্ডলৰ মাজত তীব্ৰ মতানৈক্যৰ সৃষ্টি হয়।

যাৰ ফলত তেওঁলোকৰ মাজত বিভাজনৰ সৃষ্টি হৈ দুটা ফৈদত দুজন প্ৰাৰ্থী আগবঢ়াই নিৰ্বাচনত অৱতীৰ্ণ হয়৷ ফলশ্ৰুতিত তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ ছাত্ৰ সমাজৰ মাজত টকাৰ প্ৰয়োগ কৰি ভোট কিনাত দুয়োজন বিধায়কৰ সমৰ্থকে ব্যস্ত হৈ থকাৰ মাজতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আদৰ্শৰ কথা কৈ ছাত্ৰ ছাত্ৰীৰ অভাৱ-অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি পোৱা সফলতা লাভ কৰা বুলি কয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা সমিতিয়ে৷