
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
নামতিঃ মদৰ ৰাগীত মাতাল এগৰাকী চালকৰ শৌচাগাৰৰ গাতত পৰি মৃত্যু হোৱাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নামতিত৷ দীপাৱলীৰ আনন্দৰ মাজতে শিৱসাগৰ জিলাৰ কালুগাঁৱত গাড়ী চালক ৰহস্য জনক ভাৱে শৌচাগাৰৰ গাঁতত পৰি মৃত্যু হয়।
জানিব পৰা মতে, যোগেন পায়ুং (৩৫) নামৰ লোজনে সুৰাৰ ৰাগিত মাতাল হৈ উন্মোক্ত শৌচাগাৰৰ গাঁতত পৰে৷ বহু সময় ধৰি কোনো লোকে গম নোপোৱাৰ ফলত শৌচাগাৰৰ গাততে তেওৰ মৃত্যু হয়। উল্লেখ্য যে, হালোৱাটিং কপাহতলি মিছিং গাঁৱৰ নিবাসী যোগেন পায়ুঙে কালুগাঁৱত গাড়ীচালক হিচাপে ভাড়াঘৰত পত্নী কন্যাসহ বসতি কৰি আছিল।