
গোৰেশ্বৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ-উলাহৰ মাজতে এগৰাকী যুৱতী অন্ধবিশ্বাসৰ বলি হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সা জিলাৰ গোৰেশ্বৰত। গোৰেশ্বৰ থানাৰ অন্তৰ্গত শিঙিমাৰী গাঁৱৰ যুৱতী ভণ্ড কবিৰাজৰ চিকিৎসা গ্ৰহণ কৰি আহত হ'বলগীয়া হয়। জানিব পৰা মতে, যোৱা ১৪ অক্টোবৰত শিঙিমাৰী গাঁৱৰ দুৰ্গেশ্বৰ ৰাজবংশী নামৰ ব্যক্তিজনৰ ঘৰত দিনৰ ১০ বজাত নিজকে আয়ুৰ্বেদিক চিকিৎসক বুলি চিনাকী দিয়া খাৰুপেটীয়াৰ অজিত চৌধুৰী নামৰ ব্যক্তিজন উপস্থিত হয়।
ভণ্ড লোকজনে জৰা ফুকা কৰি সমস্যা সমাধান কৰিম বুলি কোৱাৰ লগতে বিভিন্ন ৰোগৰো চিকিৎসা কৰে বুলি পৰিয়ালটোক অৱগত কৰে। পৰিয়ালটোৱে তেওলোকৰ সমস্যা নাই বুলি কোৱাৰ পিছতো বেজে বেজালি আৰম্ভ কৰে। নানান কথাৰে পৰিয়ালটোৰ প্ৰাথমিক বিশ্বাস আদায় কৰি ল'বলৈ সক্ষম হয়। ঘৰখনৰ বিভিন্ন দায় দোষ চাই দিয়াৰ পিছত দুৰ্গেশ্বৰ ৰাজবংশীৰ গোৰেশ্বৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা দ্বিতীয় জীয়ৰীৰ হাতৰ মুঠিত এঙাৰ, সিন্দুৰ আদি বিভিন্ন দ্ৰব্য সানি দিয়ে।
কবিৰাজ জনে মুখেৰে মন্ত্ৰোচ্চাৰণ কৰাৰ লগতে যুৱতীগৰাকীক হাতৰ মুঠি টানকৈ ধৰি ধৰিবলৈ কয়। ইয়াৰ কিছু সময় পিছতে যুৱতীগৰাকীয়ে হাতৰ মুঠিত তীব্ৰ জ্বলন অনুভৱ কৰে। অসহ্য হোৱাৰ পিছতে হাতৰ মুঠি খুলি দিয়ে যদিও লগে লগে হাতৰ তলুৱাখন বেয়াকৈ জ্বলি যোৱা প্ৰত্যক্ষ কৰে। পৰিয়ালটোৰ সদস্যৰ উপস্থিতিতে ঘটা এনে ঘটনাত হতভম্ব হৈ পৰে সকলো। ইপিনে চেগ বুজি পলায়ন কৰে ভণ্ড কবিৰাজ। যুৱতীগৰাকীয়ে তীব্ৰ জ্বলন অনুভৱ কৰাৰ লগতে হাতৰ তলুৱা দগ্ধ হয়। ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
অন্ধবিশ্বাসৰ বলি হৈ ভণ্ড কবিৰাজৰ চিকিৎসা গ্ৰহণ কৰিবলৈ গৈ এতিয়া আহত হৈ ঘৰতে থাকিব লগা হৈছে। নিজকে অজিত চৌধুৰী বুলি চিনাকী দিয়া খাৰুপেটীয়াৰ কবিৰাজ জনে এখন কাৰ্ড দিছিল য'ত মোবাইল নম্বৰ ৯৭৫১৮ ৫৯৩৯৬ আৰু ৭৫৭৬৮ ৪৬৪২৫ উল্লেখ আছে। ঘটনাৰ পিছতে ভণ্ড কবিৰাজৰ মোবাইলত ফোন কৰে যদিও ফোন ৰিচিভ নকৰা বুলি অভিযোগ উত্থাপন হয়।
যুৱতীগৰাকীৰ ভাতৃয়ে কৌশলেৰে ভণ্ড কবিৰাজৰ এগৰাকী সহকৰ্মীক গোৰেশ্বৰ থানাত কালি গতাই দিয়ে। তেওলোকৰ প্ৰায় দহজন লোক গোৰেশ্বৰ অঞ্চলত ঘুৰি আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সম্পাদক হিৰেণ ৰাজবংশীয়ে এই ঘটনাক নিন্দা কৰিছে আৰু গোৰেশ্বৰত চিকিৎসা সেৱাৰ দুৰাৱস্থাৰ বাবে আজিও বেজ বেজালি, কবিৰাজ আদিৰ পৰা চিকিৎসা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বুলি কয় ৰাজবংশীয়ে।