
দলংঘাটঃ হিন্দুসকলৰ তীৰ্থস্থান পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ গৈ মৃত্যুক আকোৱালি ললে দৰং জিলাৰ দেওমৰনৈৰ কৈকৰাৰ মহেন্দ্র ডেকাই। যোৱা ২ অক্টোবৰতে ৫০ সতীৰ্থ সহ দেশৰ ভিন্ন তীৰ্থস্থান পৰিদৰ্শন কৰিবলৈ এখন বাছ ভাড়া কৰি গৈছিল মহেন্দ্ৰ ডেকাই৷ পুৰীৰ জগন্নাথ মন্দিৰলৈ গৈ থকা অৱস্থাতে ঝাৰখণ্ডত ডেকাৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে৷
তীৰ্থস্থান দৰ্শনকাৰী দলটোত ছিপাঝাৰ বিধান সভা সমষ্টিৰ ৫০গৰাকী লোক গৈছিল৷ ২৫ দিনৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল দৰঙৰ নামখলাৰ জোনালী হাজৰিকাৰ নেতৃত্বত৷ ৪ অক্টোবৰৰ আবেলি ৫ বজাত মহেন্দ্র ডেকা জ্বৰত আক্ৰান্ত হয়৷ এই খবৰ পৰিয়লক ততাতৈয়াকৈ দিয়ে৷ তাৰ পিছৰে পৰা পৰিয়ালটোৱে দুশ্চিন্তাত সময় পাৰ কৰাৰ সময়তে তেওৰ মৃত্যু হোৱা বুলি পৰিয়ালক অৱগত কৰে। অঞ্চলটেৰ ধৰ্মপ্ৰাণ লোকজনৰ মৃত্যুত শোকৰ ছাঁ পৰে। ডেকাৰ নশ্বৰ দেহ এম্বুলেঞ্চেৰে নিজ গৃহলৈ আনি থকা বুলি জানিব পৰা গৈছে।