ডাক্তৰ-নাৰ্চৰ ভুলৰ বাবেই সাত বছৰ যন্ত্ৰনাৰ জীৱন কটাইছে দূৰ্লভে

চিচিবৰগাঁওঃ এটি সাত বছৰীয়া শিশু, যি সময়ত শিশুটিয়ে সমনীয়াৰ লগত দৌৰি খেলি ফুৰিব লাগিছিল, স্কুল যাব লাগিছিল সেই সময়ত পিতৃ মাতৃৰ কোলাতে সি পাৰ কৰিবলগীয়া হৈছে জীৱনৰ সোণালী সময়৷ এই দুৰ্ভগীয়া শিশুটি হৈছে ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ এৰাঢল গাঁও পঞ্চায়তৰ বৰগাঁও নিৱাসী দিলিপ সোনোৱাল আৰু নাজিতৰা সোনোৱালৰ পুত্ৰ৷ 

২০১০ চনৰ ২১ জানুৱাৰীত ধেমাজি অসামৰিক চিকিৎসালয়ত পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল প্ৰসৱ বেদনাত চটফটাই থকা নাজিতৰা সোনোৱালক। সেই সময়ত কৰ্তব্যত আছিল স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ টি টাইদ। টাইদে ২০০০ টকাৰ বিনিয়ত চিজাৰিয়ান কৰিবলৈ জোৰ কৰিছিল। সেই সময়ত দৰিদ্ৰ পৰিয়ালটোৰ হাতত ডাক্তৰক দিব পৰাকৈ পৰ্যাপ্ত ধন নথকাৰ অচিলা লৈ ডাক্তৰ-নাৰ্চে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল প্ৰসৱ বেদনাত চটফটাই থকা নাজিতৰাক৷ 

পাছদিনা পুৱাৰ ভাগত কৰ্তব্যত থকা এগৰাকী নাৰ্চে ডাক্তৰি দেখুৱাবলৈ গৈ কেচুৱাটোৰ মুৰত ধৰি জোৰ কৰি প্ৰসৱ কৰাবলৈ চেষ্টা চলাই৷ ফলত ভূমিস্থ কেচুৱাটিৰ মুৰটো জোঙা হৈ পৰে৷ ইফালে অসুষ্ট কেচুৱাটিক লগে লগে ICUত ৰখা হয়। ২০ দিনলৈকে কেচুৱাটিয়ে নকন্দাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে৷ পৰিয়ালৰ লোকে শেষত শিশু বিশেষজ্ঞ খগেন দলেৰ পৰামৰ্শ বিচৰাত তেওঁ কেচুৱাটি পৰীক্ষা নিৰীক্ষা কৰি পৰিয়ালৰ আগত কেচুৱাটিৰ জীয়াই থকাৰ সম্ভাৱনা অতি ক্ষীন বুলি অৱগত কৰে৷ 

কেচু্ৱাটিৰ প্ৰসৱৰ সময়ত  ভূল কৰা হৈছিল বুলিও শিশু বিশেষজ্ঞ গৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰে৷ ইফালে আৰ্থিক দুৰাৱস্থাৰ বাবে পৰিয়ালটোৱে কেচুৱাটিৰ উন্নত চিকিৎসা কৰিব নোৱাৰি পাছত নিৰূপায় হৈ ঘৰলৈ উভটাই লৈ আনে৷ তেনেদৰে দুৰ্বিসহ কষ্ট আৰু উন্নত চিকিৎসাৰ অভাৱেৰে আজি শিশুচটি সাত বছৰত ভৰি দিছে৷ সেই শিশুটিয়েই হৈছে দূৰ্লভ সোনোৱাল৷ 

বিকলাংগ শিশুটিক চকুৰ সন্মুখৗত ৰাখি পৰিয়ালৰ লোকে আজিও ক্ষোভ উজাৰে ডাক্তৰ নাৰ্চৰ ওপৰত৷ প্ৰসৱৰ সময়ত ডাক্তৰ-নাৰ্চে কৰা ভুলৰ বাবেই আজি দূৰ্লভে এনে এটি জীৱন কটাবলগীয়া হোৱাত স্বাভাৱিকতেই পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকে ক্ষোভ প্ৰদৰ্শন কৰে৷ 

পৰিয়ালটোৱে উন্নত চিকিৎসাৰে দূৰ্লভ সুস্থ কৰি চোলাৰ আশা পুহি ৰাখিছে৷ ইফালে আজিপৰ্যন্ত দূৰ্লভৰ নামত কোনো চৰকাৰী সাহায্য লাভ নকৰাৰ কথা ব্যক্ত কৰিছে দূৰ্লভৰ পিতৃ-মাতৃয়ে৷