
নাৰায়ণপুৰঃ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ ধলপুৰৰ জামুগুৰি ঘাটত চলি থকা গড়াখহনীয়াই সম্প্ৰতি সংহাৰী ৰূপ ধাৰণ কৰিছে। ১৯৭৬ চনৰ পৰা ক্ৰমাৎ খহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে বিগত ৫ বছৰত অঞ্চলটোৰ কেইবাখনো গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়।
বিগত চৰকাৰৰ শাসন কালত প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰা আৰু তেওঁৰ কোম্পানীৰ ধন ঘটাৰ এক সহজ যন্ত্ৰলৈ পৰিণত হোৱা জামুগুৰি ঘাটৰ খহনীয়া প্ৰতিৰোধ আঁচনিখন বৰ্তমান সোনোৱাল নেতৃত্বাধীন পৰিৱৰ্তনকামী চৰকাৰৰ একাংশ তৃণমুল কৰ্মীৰ বাবেও আলাউদ্দিনৰ চাকিলৈ পৰিণত হৈছে।
উল্লেখ যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়কগৰাকীক সাক্ষী কৰি চৰকাৰী ধনৰ শৰাধ পাতিছে যদিও তিলমানো খহনীয়া ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্ৰত বিগত চৰকাৰৰ পথেৰেই আৱন্তিত ধনৰ ২০ শতাংশ ধন খৰছ কৰি ৮০শতাংশ ধন লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জামুগুৰি গাঁও পঞ্চায়তে উদৰস্থ কৰা অভিযোগ উত্থাপিত হৈছে।
এই ক্ষেত্ৰত গৰাখহনীয়া প্ৰতিৰোধৰ নামত পঞ্চায়ত আৰু গ্ৰমোন্নয়ণ বিভাগৰ দ্বাৰা দীৰ্ঘ দিন ধৰি চলাই থকা মেগা চিৰিয়েলখন সমাপ্ত কৰি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে সমগ্ৰ জামুগুৰি অঞ্চলৰ লগতে বিশ্বনাথ জিলাৰ গহপুৰ মৌজাৰ দক্ষিণ অঞ্চল ব্ৰহ্মপুত্ৰত জাহ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
বিগত তিনি মাহত অঞ্চলটোৰ নদীৰ দিশৰ পৰা প্ৰায় ৩০০ মিটাৰৰৰো অধিক মাটি সম্পূৰ্ণ জাহ যোৱাৰ ফলত এতিয়া নদী আহি বাসস্থানৰ তেনেই কাষ পালে৷ নিশা খহনীয়াৰ প্ৰচণ্ড শব্দ আৰু নিজৰ আশ্ৰয়স্থল মৰমৰ ঘৰটো খহাই নিয়াৰ আশংকাত বিনিদ্ৰ ৰজনী পাৰ কৰিছে নৈপৰীয়া জামুগুৰি বাসীয়ে।
ইতিমধ্যে বহু লোক সেই স্থান এৰি অন্য স্থানলৈ স্থানান্তৰ হৈছে যদিও অন্য ঠাইত মাটি নথকা সকলে উচুপি উঠিছে। নিজৰ সতি-সন্ততি লৈ যাব ক’লৈ, এতিয়া মাথোঁ বাট চাই ৰৈছে চৰকাৰ খনলৈ কিজানি কোনো সহৃদয় নেতাই নৈপৰীয়াৰ যন্ত্ৰণা বুজি পায়েই।