
লংকাঃ কালী পূজা আৰু দেৱালী উপলক্ষে হোজাই জিলাৰ আৰক্ষী অধীক্ষকে জিলা খনত জুৱা খেলৰ ওপৰত বিশেষ নিষেধাজ্ঞা জাৰি কৰিছিল যদিও আৰক্ষীৰ চকুত ধূলি দি একাংশই কিন্তু জিলাখনৰ কিছু অংশত জুৱা খেল অনুষ্ঠিত কৰি সমাজখনক বিৰূপ প্ৰভাৱ পেলাইছে। তেনে এক জুৱাৰ ঘটি আজি পুৱতি নিশা হোজাই আৰক্ষীয়ে উচ্ছেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন সহ ১২ জুৱাৰীক আটক কৰি জেললৈ প্ৰেৰণ কৰে।
আজি পুৱতি নিশা হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ষিতেশ্বৰ বনিয়াই এক গোপন সূত্ৰে জানিব পাৰে যে, হোজাই কৃষ্ণনগৰৰ জনৈক বিশ্বজিত দেৱনাথ নামৰ লোক জনৰ বাসগৃহত এক বৃহৎ জুৱা চলি আছে। নিশা প্ৰায় দহ বজাৰ পৰা চলা এই জুৱাত হোজাইৰ বহু ব্যৱসায়ীয়ে অংশ গ্ৰহণ কৰিছে। খবৰ পোৱা মাত্ৰে আৰক্ষী বিষয়া জনে উক্ত লোকজনৰ বাসগৃহত তালাচী চলায়।
আৰক্ষীৰ উপস্থিতিৰ উমান পায় জুৱাৰ আয়োজক বিশ্বজিত দেৱনাথ সহ বহুকেইজন ব্যৱসায়ী পলায় যায় যদিও দুটা কোঠাত চলি থকা জুৱাত অংশগ্ৰহণ কৰা বাৰ জন জুৱাৰীক জুৱা খেলি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰাৰ লগতে ন যোৰ তাচপাত, আধা খোৱা মদৰ বটল, বিয়েৰৰ বটল আৰু অন্যান্য সামগ্ৰী সহ নগদ ৮৫৬৫০ টকা উদ্ধাৰ কৰে।
হোজাই থানাৰ ৭১৭/১৭ নং গোচৰ মৰ্মে এ জি পি আইনৰ ১৩/১৪ নং ধাৰাত গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইটা হল ৰাজেশ বাজাজ( আগৰৱালা), দীনেশ দীক্ষিত, কাৰ্ত্তিক দত্ত, সমীৰ সাহা, বাদল বনিক, পিংকু দেৱনাথ, ৰবি মজুমদাৰ, লাল গুপ্তা, অমিত পাল, আনন্দ ভৌমিক আৰু বাবুল মজুমদাৰ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই জুৱাৰী কেইটাক আজি বিয়লি হোজাই জিলা সদৰ শংকৰ দেৱ নগৰৰ আদালতত হাজিৰ কৰে। আদালতে জুৱাৰী কেইটাক জেল হাজোতলৈ প্ৰেৰণ কৰে। ইফালে এই জুৱা আয়োজন কৰা বিশ্বজিত দেৱনাথৰ সন্ধানত আৰক্ষীয়ে তদন্তত নামি পৰিছে।