'আলোক'ৰ উদ্যোগত মানসিক স্বাস্থ্য বিষয়ক কৰ্মশালা

লাহোৱালঃ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে অভিযান চলাই থকা স্বেচ্ছাসেৱী অনুষ্ঠান 'আলোক'ৰ উদ্যোগত ডিব্ৰুগড় পূৱ বাণীপুৰস্থিত উপাসনা কলাকেন্দ্ৰত মানসিক স্বাস্থ্য সজাগতা বিষয়ক এক কৰ্মশালা অনুষ্ঠিত হৈ যায়।

অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ অধ্যাপক ডা০ ধ্ৰুৱজ্যোতি ভূঞাই সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰা দিনজোৰা কৰ্মশালাখনিত আলোকৰ কৰ্মীসকলকে ধৰি ২০ গৰাকী লোকে অংশ গ্ৰহণ কৰে।