আটছু-এনামূলৰ চাৰি খন বাইক, শুকুৰবাৰৰ পৰা হ’ল আৰক্ষীৰ

বোকাজানঃ অৱশেষত আৰক্ষীৰ জালত পৰিল পাহাৰীয়া জিলা কাৰ্বি আংলঙত বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা দুধৰ্ষ বাইক চোৰ৷ কাৰ্বি আংলঙৰ উদ্যোগ নগৰী বোকাজানত বিগত কেইবামাহ ধৰি দুচকীয়া বাহন চুৰি হৈ আহিছে৷ একপ্ৰকৰ বাইক চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰে অঞ্চলটোত৷ শুকুৰবাৰে পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই ৪ খন বাইক সহ জালত পেলাই চোৰৰ চক্ৰটোক৷

বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাই গোপন খবৰৰ ভিত্তিত অভিযান চলাই দুই দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰিখনকৈ চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নগাঁও জিলাৰ বৰদেৱাৰ আব্বু বক্কৰ ছিদ্দিকৰ পুত্ৰ এনামূল হুছেইন (২৩) আৰু নগালেণ্ডৰ খিপ্ৰি জিলাৰ য়েনছেনজেনৰ পুত্ৰ আটছু য়েনছেনজেন (২৯)ক অসম-নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ লাহৰিজানৰ খান বস্তিৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

খটখটি আৰক্ষীয়ে চলোৱা অভিযানত আটছু য়েনছেনজেনৰ ঘৰত এন-এল-০৭-এম৫-৮১৬ নম্বৰৰ এখন ক্লাচিক ৰয়েল এনফিল্ড, এন-এল-০৭-এম২-৪৫২ নম্বৰৰ এখন বাজাজ-ভি, নম্বৰপ্লেটবিহীন এখন এক্টিভা আৰু এখন কাৱাছাকি মটৰচাইকেলৰ লগতে এটা এয়াৰগান এটি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাই শীঘ্ৰেই আৰু কেইবাজন বাইক চোৰ আৰক্ষীৰ জালত পৰাৰ লগতে বহু চুৰি বাইক উদ্ধাৰ কৰিবলৈ আৰক্ষী সক্ষম হ’ব বুলি কয়৷ আৰক্ষীয়ে ইতিমধ্যে অধিক তথ্যৰ বাবে চোৰ দুটাক মাৰাথান জোৰা অব্যাহত ৰাখিছ৷ দুয়ো চোৰে প্ৰায় এবছৰমানৰ পুৰ্বৰ পৰা খান বস্তিত বাস কৰি আহিছিল৷