ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট, অসম বিভাজনৰ ষড়যন্ত্র বন্ধ কৰাৰ দাবী অবড়োৰ

গোৰেশ্বৰঃ একালৰ বৰ অসমৰ অংগ নগাসকলে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত বছৰ বছৰ ধৰি ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি আহিছে৷ কিন্তু এই সংগ্ৰামৰ সমাধান কৰিব বিছাৰি বাৰত চৰকাৰে কৰা চুক্তিয়ে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰাত ৰাজ্যৰ দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকশ কৰি আহিছে৷

চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্য চৰ্চিত হৈছে৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷ এনেবোৰ প্ৰচাৰৰ মাজতে শুকুৰবাৰে অবড়ো সুৰক্ষা সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অসমৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুল হুংকাৰ দিয়ে অবড়ো সুৰক্ষা সমিতিয়ে।

অসম চৰকাৰলৈ নাগালিম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা গোপন পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজহুৱা কৰিবলৈ দাবী জনায় সংগঠনটোৱে। মুইভা গোটৰ সৈতে আলোচনা কৰি অসমক পুনৰ দ্বিখণ্ডিত কৰাৰ ষড়যন্ত্র চলোৱা বুলি কৈ সেয়া শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাই অবড়ো সুৰক্ষা সমিতি, অসমে। অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই এক বিবৃতি যোগে কেন্দ্ৰীয় চৰকাৰে মুইভা গোটৰ সৈতে আলোচনা কৰি অসমক দ্বিখণ্ডিত কৰি নাগালিমৰ সমস্যা সমাধানৰ সূত্ৰ উলিয়াব বিচাৰিছে এই সুত্ৰই অসমৰ বাবে এক ভয়াবহ সংকেত বহন কৰিছে।

দিল্লীবালা একাংশ নেতাক সন্তুষ্ট কৰিবলৈ গৈ অসমক ভাঙি চুৰমাৰ কৰিব বিচৰা অসমৰ একাংশ নেতা-মন্ত্ৰীৰ ষড়যন্ত্র কেতিয়াও সফল হ'ব দিয়া নহ'ব বুলি অবড়ো সুৰক্ষা সমিতিয়ে স্পষ্ট কৰে। সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক চুক্তি কৰাৰ দাবী জনায়। ষড়যন্ত্র মূলক এই চুক্তি অসমৰ লগতে দেশৰ অখণ্ডতাৰ পৰিপন্থী যাৰ বাবে এই কাৰ্য বন্ধ কৰাৰ দাবী জনায়। একাংশ অসমৰ চাৰিসীমা নজনা মন্ত্ৰী-বিধায়কে চৰজমিন তদন্ত কৰি অসমৰ চাৰিসীমা জানি বুজি লোৱাৰ লগতে অসমৰ জনসাধাৰণে অসমক দ্বিখণ্ডিত কৰাটো বিচাৰে নে নাই সেয়াও সৰ্বসাধাৰণ ৰাইজৰ পৰা জানক।

প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী হ'ল বুলিয়েই অসমৰ মাটি আনক দিব সেয়া কোনো পধ্যেই মানি ল'ব পৰা নাযায়। ভোটবেংকৰ আশাত বন্দী একাংশ ৰাজনৈতিক নেতাই মুনাফা লাভৰ বাবে এতিয়া মৌন হৈ থকা বুলিও মুকলি অভিযোগ উত্থাপন কৰে সংগঠনটোৰ সম্পাদক যোগেশ্বৰ কলিতাই। ইমানে নহয় দীৰ্ঘদিন ধৰি অসমক দ্বিখণ্ডিত কৰাৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু মাত মাতি যাব বুলিও কয় কলিতাই।

কংগ্ৰেছী মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে চুক্তি মতে নাগালিমত তেওঁৰ মাৰ্ঘেৰিটা চহৰখন অন্তৰ্ভুক্ত হোৱাৰ কথা কৈ আক্ষেপ কৰিছে কিন্তু একেদৰে অবড়ো সুৰক্ষা সমিতিয়ে দীৰ্ঘদিন ধৰি প্ৰস্তাবিত বড়োলেণ্ড গোৰেশ্বৰ, ওদালগুৰি, চিৰাং আৰু কোকৰাঝাৰ কিমান যে অনাবড়ো গাঁও অন্তৰ্ভুক্ত হ'বলৈ গৈছে সেই কথাও তেওঁলোকে অনুধাৱন কৰা উচিত।

বিজেপি বিধায়ক শিলাদিত্য দেৱে অসমৰ এক ইঞ্চিও মাটি নাগালেণ্ডক দিয়া নহ'ব বুলি টিভি পৰ্দাত দম্ভালি মাৰে কিন্তু কিয় সৰ্বানন্দ সোনোৱাল বা ৰাজনাথ সিংৰ আগত এই সম্পৰ্কে এটাও মাত মাতিব নোৱাৰে বুলি কটুক্তি কৰে নেতাগৰাকীয়ে। দুতলীয়া এনে ৰাজনীতি বন্ধ কৰি সঁচা অৰ্থত অসমৰ অখণ্ডতাৰ বাবে তেওঁলোকে কাম কৰক। নাগালিম গঠনৰ বিৰুদ্ধে  নেতা-মন্ত্ৰীক জাতি-মাটিৰ স্বাৰ্থত কাম কৰাৰ আহ্বান জনায়৷ অসম বিভাজনৰ ষড়যন্ত্ৰৰ বন্ধ কৰিবলৈ অবড়ো সুৰক্ষা সমিতিয়ে দাবী জনায়৷