
মঙলদৈঃ জুৱাৰ ঘাটিত পৰিণত হৈছে দৰং জিলাৰ চৰ অঞ্চল৷ এনেই বুঢ়ী নাচনী তাতেই আকৌ নাতিনীৰ বিয়া৷ হয়, জুৱাৰ প্ৰচলন চলি থকাৰ মাজতে দীপাৱলীৰ বতৰ৷ জুৱাৰ বতৰত কোনে পায় দৰংৰ চৰ অঞ্চলৰ জুৱাৰীক৷ পুৱাৰে পৰা লুঙী পিন্ধি লাগি গৈছে জুৱা খেলাত৷
কিন্তু পবিত্ৰ শুকুৰবাৰ দিনটো জুৱাৰিৰ বাবে আছিল বেয়া দিন৷ জুৱাত মছগুল হৈ থকাৰ সময়তে জাল পৰিল দৰং আৰক্ষীৰ৷ পলাবও নাপালে বেচেৰা জুৱাৰীহতে৷ দৰঙৰ চৰ অঞ্চলত তীৰ জুৱাৰ অবাধ প্ৰচলনৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে জিলা খনৰ ধূলা আৰক্ষীয়ে অভিযান চলাই জালত পেলাবলৈ সক্ষম হয় ৮ জুৱাৰিক৷ শুকুৰবাৰে আটক কৰে আঁঠ জুৱাৰীক।
হাফিজুৰ ৰহমান, আলেৱ আলি, ফকৰুদ্দিন, আহেৰ আলি, বাবু শ্বেখ, নুৰ ইছলাম, হাচমত আলি, ছফিকুল ইছলামক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ জুৱাৰীৰ ৰম্য ভূমিত পৰিনত হৈছে দৰং জিলাৰ চৰ অঞ্চল৷ চক, বজাৰৰৰ পান তামোলৰ দোকানৰ পৰা আৰম্ভ কৰি একাংশ ঠাইত তীৰ-জুৱাৰ অবাধ প্ৰচলন দেখা যায়৷
তিনি মাহত ৬০জনকৈ জুৱাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ যদিও জুৱাৰীৰ মাতব্বৰক জালত পেলাবলৈ সক্ষম হোৱা নাই৷ দৰং আৰক্ষীৰ সফল অভিযানত ধূলা থানাৰ অন্তৰ্গত ১ নং মাগুৰমাৰীৰ পৰা জুৱাৰীকেইজনক আটক কৰে৷ জুৱা খেলি থকা অৱস্থাত হাতে লোটে ধৰে যদিও ১০ জুৱাৰী পলাই সাৰে। তেওলোকৰ পৰা নগদ ধন উদ্ধাৰ কৰে আৰক্ষীয়ে।