তুলসীবাৰীত চোৰৰ তাণ্ডৱ, শ্যামা পূজাৰ মাজতে লুটিলে গেলামালৰ দোকান

তুলসীবাৰীঃ ৰঙিয়া মহকুমাৰ তুলসীবাৰীত ক্ৰমাগত ভাবে বৃদ্ধি পাব ধৰিছে চুৰি ডকাইতিৰ ঘটনা। আৰক্ষীয়ে এনে ঘটনা ৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নাই।

তুলসীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পালবস্তীত শুকুৰবাৰে নিশা এখন গেলামালৰ দোকানৰ তলা ভাঙি চোৰে নগদ ১৫ হেজাৰ টকাসহ দোকানৰ বহু মূল্যবান সামগ্ৰী লুটি নিয়ে। শ্যামা পূজা উপলক্ষে সাংস্কৃতিক অনুষ্ঠান চলি থকা মাজতে চোৰে গেলামাল দোকানত লুটপাট চলায়। গেলামাল দোকানখনৰ স্বত্বাধিকাৰী ৰৌতিস পালে তুলসীবাৰী আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে।