বিশ্বনাথত NDFBৰ কেম্পত অগ্নি সংযোগ

ফটো,উৎস ইন্টাৰনেট,
ফটো,উৎস ইন্টাৰনেট

চতিয়াঃ ৰাইজে অগ্নি সংযোগ কৰিলে NDFBৰ ডেজিগনেটেড কেম্পত৷ ক্ষোভিত ৰাইজে বিশ্বনাথৰ বালিজুৰিত অগ্নি সংযোগ কৰে NDFBৰ কেম্পত৷

বিশ্বনাথ জিলাৰ বালিজুৰিত আলোচনাপন্থী NDFBৰ কেম্পৰ এনডিএফবিৰ কেডাৰে এগৰাকী স্থানীয় যুৱকক মাৰ-ধৰ কৰাৰ পিছতে ৰাইজে NDFBৰ কেম্প ঘেৰাও কৰে৷

চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিজুৰিৰ দেলাইচি নামৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। যুৱকক NDFB কেডাৰে প্ৰহাৰ কৰা বাবে ক্ষোভিত হৈ জ্বলাই দিলে ডেজিগনেটেড কেম্পটো। আনহাতে কেম্পটোত থকা NDFBৰ কেডাৰ কেইজনে পলায়ণ কৰে।