তুলিৰামে কলে, পৰিবৰ্তন দুই এদিনতে নহয়, অৰ্থাৎ ভুকুতে কল নপকে

খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ ৬নং বিথুং-ৰেংথেমা সমষ্টিৰ অন্তৰ্গত তুমপ্ৰেঙত শনিবাৰে কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’ আৰু কাৰ্যবাহী সদস্য অমৰছিং তিছে কেইবাটাও আধাৰশিলা স্থাপন কৰে৷ তুমপ্ৰেঙৰ ৰংখাং উন্নয়ণ খণ্ডৰ তুমপ্ৰেং গড়কাপ্তানী পথৰ পৰা ৰংপিলৈ পেভাৰ্চ পথ, তুমপ্ৰেং বজাৰৰ পৰা বালিগাঁও নামঘৰ আৰু তুমপ্ৰেং মাজগাঁৱৰ পৰা কৃষি পথাৰ সংলগ্ন পথৰ  আধাৰশিলা স্থাপন কৰে৷

কৃষি বিভাগৰ অধিনত তুমপ্ৰেং সাপ্তাহিক বজাৰত এটা বজাৰ গৃহ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপনৰ পিছতে তুমপ্ৰেঙত বিজেপিৰ এখন বৰ্ধিত সভা অনুষ্ঠিত হয়৷ সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য অমৰছিং তিছ’, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাং, কাৰ্বি পৰিষদীয় সদস্য মংগলছিং তিমুং, লংকী তিমুং, প্ৰভাত টাৰ’, পৰিষদীয় পশু পালন বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ দিত্যলাল হাস্নু, কৃষি বিভাগৰ প্ৰাক্তন ৱাৰ্ড অধ্যক্ষ বিদ্যাছিং টেৰন, পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিৰ গাঁও উন্নয়ণ সমিতিৰ অধ্যক্ষ ৰামচন ৰংপি, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ সম্পাদক ৰদীপ ৰংহাং, আমৰি বিজেপি মণ্ডল সমিতিৰ সভাপতি ভুপেন ৰাভা, বিজেপি নেতা টাৰজান লাংথাছা, দীলিপ টেৰাঙৰ লগতে শতাধিক বিজেপি কৰ্মকৰ্তা আৰু বিষয়ববীয়াই উপস্থিত থাকে সভাত৷

সভাত অংশ গ্ৰহণ কৰি তুলিৰাম ৰংহাঙে বিজেপি দল আৰু চৰকাৰে সদায় একেলগে থাকি আলাপ-আলোচনাৰ মাজেৰে জিলাখনৰ সৰ্বাংগিন উন্নয়ণ সাধন কৰিব লাগিব বুলি মত পোষণ কৰে৷ মননশীল চিন্তাৰে দল আৰু চৰকাৰে সুপৰিকল্পনাৰে লক্ষ্যলৈ বুলি আগুৱাই যাব লাগিব, তেন্তে আমি আমাৰ লক্ষ্যত উপনিত হ’ব পাৰিম৷ পৰিবৰ্তন মানেই যে দুই এদিনৰ ভিতৰতে সম্পন্ন হ’ব সেয়া নুবুজায় অৰ্থাৎ ভুকুতে কল নপকে বুলি কয় তুলিৰাম ৰংহাঙে৷

আমি প্ৰতীক্ষাৰ মাজেৰে উন্নয়ণ আৰু বিকাশৰ চিন্তা কৰি আমাৰ দলে কাম কৰি আগুৱাই যাব লাগিব বুলি দলীয় নেতা-কৰ্মীক পৰামৰ্শ আগবঢ়ায় মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে৷ সভাৰ পিছতে ডংকামোকাম চহৰত জলসম্পদ বিভাগৰ অধিনত নিৰ্মাণ হ’বলগীয়া অতিথিশালাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ইন্দ্ৰানগৰত নিৰ্মাণ কৰা এটা কমিউনিটি ভৱনৰ শুভ উদ্ধোধন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু পৰিষদৰ অধ্যক্ষ হৰেনছিং বেয়ে৷ তুমপ্ৰেং খেলপথাৰত শনিবাৰৰ পৰা অনুষ্ঠিত হোৱ কেহাই তিমুং আৰু কাৰে ক্ৰপি সোৱঁৰনি ফুটবল প্ৰতিযোগিতা উদ্ধোধন কৰে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে৷