বঢ়মপুৰত জুবিনৰ ভৰিৰ যাদু

Voice of Greater Assam
Voice of Greater Assam

বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰত দেওবাৰে দেখুৱাব ভৰিৰ যাদু৷ বঢ়মপুৰৰ কচকো ক্লাৱৰ উদ্যোগত আৰু কলাগুৰু বিষ্ণুৰাভা ফাউনণ্ডেছনৰ সহযোগত দেওবাৰে বঢ়মপুৰত অনুষ্ঠিত কৰিছে এখন প্ৰীতি ফুটবল মেচ৷

বঢ়মপুৰ হাইস্কুল খেলপথাৰত বিয়লি দুই বজাত অনুষ্ঠিত হ’বলগীয়া প্ৰীতি ফুটবল মেচত জুবিন একাদশ আৰু কচকো ক্লাৱৰ মাজত অনুষ্ঠিত হব৷

জুবিন একাদশত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ, নীল আকাশ, দীক্ষু শৰ্মা আৰু অজয় ফুকনৰ লগতে কেইবাগৰাকী আগশাৰীৰ খেলুৱৈই অংশ গ্ৰহণ কৰে৷ ফুটবল খেলখনত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে কচকো ক্লাৱৰ সভাপতি মদন লামা আৰু সম্পাদক সুশান্ত বৰাই৷