
নগাঁওঃ বৰষুণে বিপদত পেলালে ৰাজ্যৰ কৃষকক৷ গেঁৰ ধৰা ধানত নেৰা নেপেৰা বৰষুণ পৰি থকাৰ ফলত ৰাজ্যৰ বহু ৰাজ্যৰ শ শ বিঘা গেঁৰ ধৰা ধান খেতি মাটিত পৰি যোৱা পৰিলজ্ক্ষিত হৈছে৷ কৃষকে পৰি যোৱা ধানৰ পৰা ধানৰ পৰিবৰ্তে পতান হোৱাৰ আশংকা ব্যক্ত কৰিছে৷ বান পানীৰ পিছতে শৰাঙে কোঙা কৰা খেতিয়কসকলে মাধমাৰ শোধালে বৰষুণে৷ গোৱালপাৰা, নগাঁও, ধুবুৰী, কামৰূপ, মঙলদৈ আদি জিলাৰ কৃষকক বৰষুণ ক্ষতি কৰা বুলি জানিব পৰা গৈছে৷
পহিলা কাতিৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণে ৰাজ্যৰ অান বহু ঠাইৰ দৰে নগাঁও জিলোৰো জনজীৱন বিঘ্নিত কৰি পেলাইছে৷ কাতিমহীয়া বৰষুণৰ ফলত গ্ৰামাঞ্চলসমূহৰ ৰাস্তা-ঘাট বোকাময় হৈ পৰাৰ ফলত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নৰক-যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে ৷ বৰষুণৰ ফলত হঠাৎ তাপমাত্ৰা নিম্নগামী হোৱাত ৰাইজে শীতৰ অনুভৱ কৰাই নহয় জাপৰ পৰা গৰম কাপোৰ এখন-দুখনকৈ উলিয়াই লৈছে ৷
কাতিৰ এই বৰষুণ বৃদ্ধ মানুহৰ বাবে বিপজ্জনক বুলি কোৱা হয় কাৰণে বয়োজ্যেষ্ঠ আৰু ৰুগীয়া লোক থকা পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে ৷ ইফালে, এইবেলি বানে ধোৱা আন আন জিলাৰ লগতে নগাঁও জিলাৰ কৃষকৰ বাবে কাতিৰ বৰষুণে আন এক বিপদ কঢ়িয়াই আনিছে ৷ বানৰ কবলৰ পৰা ৰক্ষা পৰা পথাৰসমূহত কোনোৰকমে যিখনি ধান হৈছিল তাৰ সৰহখিনিয়েই এতিয়া গেঁৰ ধৰিছে ৷
কিন্তু নেৰানেপেৰা এই বৰষুণে এতিয়া পথাৰত গেঁৰ ধৰা আইজং, ৰংগুৰি, বিয়ৈ, জহা, কোমল বৰা, তৰা বাও, ভৈদা বাও, ৰজা বাও আদি ধানবোৰ গেঁৰ ধৰা অৱস্থাত পথাৰত শুৱাই দিয়াত কৃষকসকলে মূৰে কপালে হাত দিছে ৷ কাৰণ লহপহকৈ বাঢ়ি অহা গেঁৰ ধৰা ধানবোৰ যদি ঠিয় হৈ নাথাকি এনেদৰে হালি পৰি যায় তেন্তে ধানৰ উৎপাদন ক্ষমতা হ্ৰাস পোৱাৰ বিপৰীতে ধানবোৰ পতন হৈ পৰাৰ আশংকা কৰে৷ কাজেই, ভয়াৱহ বানৰ পিছত এতিয়া কাতিৰ নেৰানেপেৰা বৰষুণে কৃষকৰ বাবে অশনি সংকেত কঢ়িয়াই অনাত ৰাইজ শংকিত হৈ পৰিছে৷