
নগাঁওঃ এইবেলি নৰেন হাজৰিকা সোঁৱৰণী 'অৰুণোদয় সাহিত্য বঁটা’ প্ৰদান কৰা হ’ব গল্পকাৰ-প্ৰবন্ধকাৰ স্মৃতা কলিতা, লেখক-সাংবাদিক মুৰুলী বৰুৱা আৰু কবি মনোজ শৰ্মাক৷
ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু অনুশীলনৰ মুকলি মঞ্চ নগাঁৱৰ অগ্ৰণী সাহিত্যানুষ্ঠান অৰুণোদয় সাহিত্য চ’ৰাই লেখক-লেখিকাসকলক উৎসাহ আৰু প্ৰেৰণা যোগাবলৈ প্ৰদান কৰি অহা 'অৰুণোদয় সাহিত্য বঁটা' অহা ২৯ অক্টোবৰত নগাঁও চহৰৰ কমলা দেৱী তোদী স্মৃতি ভৱনত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাবে প্ৰদান কৰা হ’ব৷
এই বঁটা এইবাৰ কবি জেউতি হাজৰিকাই তেওঁৰ প্ৰয়াত পিতৃ নৰেন হাজৰিকাৰ সোঁৱৰণত প্ৰদান কৰিব৷