
নলবাৰীঃ ক্ৰমান্বয়ে যেন ঠন ধৰি উঠিছে কংগ্ৰেছে৷ বিধানসভা নিৰ্বাচনত বৰবেয়াকৈ মুখ থেকেচা খোৱা দলটোৱে পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল দেখুৱাব বিছাৰি ব্যাকুল হৈ পৰিছে৷ চহৰে, নগৰে, গাৱে-ভূঞে সভা সমিতি অনুষ্ঠিত কৰি ৰাইজৰ আস্থাত সোমাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ দেওবাৰে পূৱ নলবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত ২নং মণ্ডল কংগ্ৰেছ সমিতিৰ সহযোগত নলবাৰীৰ বালিলেছাৰ খাটা মৌজা কালী মন্দিৰ হাইস্কুল প্ৰাংগনত কংগ্ৰেছ দলে অনুষ্ঠিত কৰে এখন কৰ্মী সভা।
কংগ্ৰেছ নেতা অনিল মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা, যুৱনেতা মজিৱ আলী, দিব্যজ্যোতি হালৈ সহ কেইবাজনো নেতা সহ দুই শতাধিক লোক উপস্থিত থাকে। সভাত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ খনে উন্নয়ন কৰাত ব্যৰ্থ হৈছে বুলি কয়। বিগত কংগ্ৰেছৰ শাসন কালত বহুত উন্নয়ন হৈছিল।
এতিয়া মাথো কংগ্ৰেছে আগবঢ়াই যোৱা কাম সমূহ বিজেপিয়ে কৰি আছে। মাত্ৰ ডেৰবছৰত বিজেপিৰ প্ৰতি মোহভংগ হৈছে ৰাইজৰ। ধনীক শ্ৰেণীৰ স্বাৰ্থ সিদ্ধিৰ বাবে জি এছ টি, বিমুদ্ৰাকৰণ আদিকে ধৰি বিভিন্ন জনবিৰোধী কাম কাজ আৰম্ভ কৰিলে। শেহতীয়াকৈ এন আৰ চিৰ নামটো কূটিল ৰাজনীতি আৰম্ভ কৰিছে বিজেপিয়ে। গতিকে আমাৰ কংগ্ৰেছ কৰ্মীসকলে কোনো চিন্তা কৰাৰ কাৰণ নাই। আগন্তুক পঞ্চায়ত নিৰ্বাচনত দেখিব ৰাজ্যত অধিকাংশ আসনতে কংগ্ৰেছ প্ৰাৰ্থী জয় হ’ব।
মাথো দলীয় নেতা-কৰ্মীসকলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত জয় হোৱাৰ বাবে এতিয়াৰ পৰা দলৰ সাংগঠনিক ভেটি মজবুত কৰাত মনোনিবেশ কৰক বুলি কয় বৰ্মনে। কংগ্ৰেছ নেতা প্ৰদ্যুত ভূঞাই বিজেপিয়ে মাথো কংগ্ৰেছে গ্ৰাম্যাঞ্চলৰ নিবনুৱাৰ সংস্থাপনৰ বাবে প্ৰণয়ন কৰা এম জি এনৰেগা আঁচনিৰ পথ কেইটামানৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিয়েই বাহ বাহ লৈছে। তাৰবাদে বিশেষ একো উন্নয়ন মূলক কাম কৰিব পৰা নাই। গেৰুৱা দলটোই নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালনত প্ৰায়ে ব্যৰ্থ হৈছে। ইয়াৰ উত্তৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজে দিব। বৰ্তমানে আমাৰ কংগ্ৰেছ কৰ্মী সকলে বিজেপিৰ জনবিৰোধী কাম কাজ তথা উন্নয়নৰ ব্যৰ্থতা সমূহ ৰাইজৰ মাজত লৈ যাওক আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হক বুলি দোহাৰে ভূঞাই৷