
মোৰাঝাৰঃ হোজাই জিলাৰ আমবাৰী বজাৰত দেওবাৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ কৃষক মুক্তি সংগ্রাম সমিতিৰ আমবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত চানা উল্লাহৰ সভাপতিত্বত অনুষ্ঠিত সভাত দল-মত নিৰ্বিশেষে কেইবাশতাধিক ৰাইজ উপস্থিত থাকে৷
আমবাৰী গাঁও পঞ্চায়তৰ বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে সকলোৱে মিলি ঐক্যবদ্ধ সংগ্ৰাম কৰা পোষকতা কৰে ৰাইজে৷ সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নীলমনি শইকীয়াই সৰ্বানন্দ সোণোৱালৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি অখিল গগৈক জেলত বন্দী কৰি ৰখাটোৱে বেয়া দিনৰ ইংগিত বহন কৰে৷
সভাত কৃষক মুক্তি সংগ্রাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰা, নগাঁও জিলাৰ সভাপতি খগেন গায়ন, কৃষক নেতা আৰিফ উদ্দিন উপস্থিত থাকে৷