গোৱালপাৰাৰ ৰৌমাৰিত বৰষুণে বগৰালে গেঁৰ ধৰা ধানৰ খেতি

গোৱালপাৰাঃ নেৰানেপেৰা বৰষুণে এতিয়া পথাৰত গেঁৰ ধৰা আইজং, ৰংগুৰি, বিয়ৈ, জহা, কোমল বৰা, তৰা বাও, ভৈদা বাও, ৰজা বাও আদি ধানবোৰ গেঁৰ ধৰা অৱস্থাত পথাৰত শুৱাই দিয়াত কৃষকসকলে মূৰে কপালে হাত দিছে৷ কাৰণ লহপহকৈ বাঢ়ি অহা গেঁৰ ধৰা ধানবোৰ যদি থিয় হৈ নাথাকি এনেদৰে হালি পৰি যায় তেন্তে ধানৰ উৎপাদন ক্ষমতা হ্ৰাস পোৱাৰ বিপৰীতে ধানবোৰ পতন হৈ পৰাৰ আশংকা কৰিছে কৃষকে৷

কাজেই, ভয়াৱহ বানৰ পিছত এতিয়া কাতিৰ নেৰানেপেৰা বৰষুণে কৃষকৰ বাবে অশনি সংকেত কঢ়িয়াই অনাত ৰাইজ শংকিত হৈ পৰিছে৷ তাৰ মাজতে গোৱালপাৰা জিলাৰ বালিজানা ৰাজহ চক্ৰৰ অধীনৰ ৰৌমাৰি অঞ্চলত শনিবাৰে সন্ধিয়া অহা প্ৰবল ধুমুহা বৰষুণে ধাননি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰে।

ধুমুহাত লহপহকৈ বাঢ়ি অহা গেঁৰ ধৰা ধান হালি পানিৰ সৈতে একাকাৰ হৈ পৰে।যাৰ ফলত কৃষক পৰিয়ালসমূহে হাহকাৰ কৰিব লগা হয়৷ কৃষক পৰিয়ালসমূহে অহা বছৰটোত কিদৰে পৰিয়াল পোহপাল দিব, সেই লৈ চিন্তিত হৈ পৰিছে। ধুমুহা বৰষুণে কৃষকৰ সপোন ধূলিস্যাৎ কৰাৰ উপৰিও কৃষকসকলক দিশহাৰা কৰে৷