চিআৰপিএফৰ ট্ৰেভেলাৰ আই-১০ৰ মুখামুখী সংঘৰ্ষ, নিহত-১, আহত-্১০

কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ চেলেংগুৰিত ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত সংঘটিত হৈ দহজনকৈ লোক গুৰুতৰ ভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে৷

আহতৰ ভিতৰৰ তিনিজনৰ অৱস্থা সংকটজনক৷ জানিব পৰা মতে, তিনিচুকীয়াৰ পৰা অৰুণাচল অভিমুখে গৈ থকা চি আৰ পি এফৰ জোৱান কঢ়িয়াই নি থকা AS-06-AC-2178 নম্বৰৰ ট্ৰেভেলাৰ আৰু বিপৰীত দিশৰ পৰা অহা AS-23-Q-0743 নম্বৰৰ আই-১০ৰ মুখামুখী সংঘৰ্ষ লাগে৷

ফলত দিলিপ কোঁচ (৫৫) নামৰ লোকজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে চিআৰপি এফৰ জোৱান সহ দহগৰাকী লোক আহত হয়৷   ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক৷