বৰষুণ দিলে ছাতি লৈ আহিব লংকা ৰেল ষ্টেছনলৈ

লংকাঃ দিছপুৰৰ পৰা দিল্লীলৈ কেৱল পৰিবৰ্তন পৰিবৰ্তন আৰু পৰিবৰ্তন৷ চৌদিশে পৰিবৰ্তন কৰাৰ শ্ল’গান দি গাডী দখল কৰা কেন্দ্ৰৰ বিজেপি চৰকাৰে সাধাৰণ ৰাইজক অচ্ছে দিন, ডিজিতেল ইণ্ডিয়া গঢ়াৰ কথা কোৱাতেই ব্যস্ত থাকি প্ৰকৃতাৰ্থত উন্নয়নৰ নামত সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে৷

তাৰ এক জলন্ত উদাহৰণ লংকা ৰেলৱে ষ্টেছন৷ ক'ত বুলেট ট্ৰেইন, ক'ত ৰেলত চিচি কেমেৰাৰ ক'ত যে কথা৷ আকৌ এজাক কিণ কিণিয়া বৰষুনতেই ৰেলৱে প্লেটফ'ৰ্মত যাত্ৰীয়ে হাতত ছাতি লৈ থিয় দিব লগা হয়৷ বৰষুণত তিতি ৰেলৰ বাবে অপেক্ষা কৰিব লগা হয় যাত্ৰীয়ে৷

কিন্তু সকলো দেখিও চকু মুদা কুলিৰ বেশত ৰেলৱে কৰ্তৃপক্ষ৷ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহাইৰ নিজৰ অঞ্চল বুলি কব পাৰি লংকা অঞ্চলক৷ প্লেট ফ'ৰ্মত এজাৰ বৰষুম দিলে খাকিব নোৱাৰি৷ বৰষুনত তিতি তিতি গন্তব্য স্থানলৈ যাবলৈ ৰেলৰ বাবে অপেক্ষা কৰিব লগা হয় যাত্ৰীসকলে৷

লংকা ৰেল ষ্টেছনৰ প্লেটফ'ৰ্মৰ টিনৰ তলত যাত্ৰীয়ে থিয় দিয়ে থিকেই কিন্তু, প্লেট ফ'ৰ্মৰ টিনৰ ফুটাৰে বৰষুণৰ পানী পৰে৷ মেৰামতিৰ অভাৱত তথা বছৰ বছৰ ধৰি টিনবোৰ সলনি নকৰাত টিনবোৰ ফুটী হোৱাৰ ফলত বৰষুণ দিলে যাত্ৰীয়ে থাকিব নোৱাৰা হয়৷

উল্লেখ যে, লংকা ৰেল ষ্টেছনৰ পৰাই লংকা তথা কাকী, উদালী, এনচিহিল আৰু বৃহত্তৰ কাৰ্বি আংলং অঞ্চলৰ যাত্ৰীয়ে ৰেল যোগে বিভিন্ন ঠাইলৈ অহা-যোৱা কৰি আহিছে৷ প্লেটফ'ৰ্মত যাৱতীয় সা-সুবিধা নথকাৰ বাবে ৰেলযোগে যাতায়ত কৰা যাত্ৰীসকলে যমৰ যাতনা ভোগ কৰি আহিছে৷ আনফালে আকৌ এয়া নগাঁৱৰ সাংসদ কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহাইৰ নিজ অঞ্চল৷ বিগত দিনত লংকা ৰেল ষ্টেছনৰ উন্নয়নৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷