চোৰক লাগে মোবাইল টাৱাৰৰ বেটাৰি

লালুকঃ লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষীয়ে আটক কৰিছে সাতটা দুৰ্ধৰ্ষ বেটাৰী চোৰক৷ আটাইকেইটা চোৰক হাৰমতীৰ পৰা আটক কৰাৰ লগতে এখন ট্ৰাকসহ ২৪টা বেটাৰী জব্দ কৰিছে৷

গোপন সূত্ৰৰ পম খেদি চুৰি কৰি থকা অৱস্থাতে হাতে-লোটে কৰায়ত্ত কৰে নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত নাছিৰ উদ্দিন(২৭), জেহিৰল হক(২৬), জাবৰ আলী(৩০) আৰু কামৰূপ জিলাৰ হাজো থানাৰ অন্তৰ্গত মহৰ উদ্দিন আলী(১৯), মহিবুল আলী(১৯), ৰহিম আলী(২৬), ৰফিকুল আলী(২১)৷

ধৃত চোৰ কেইটাই ব্যৱহাৰ কৰা এএচ-২৫-বিচি-২৪৬৪ নম্বৰৰ ট্ৰাক সহ ২৪ টা টাৱাৰৰ বেটাৰী জব্দ কৰিবলৈ সক্ষম হয়৷