
গোৰেশ্বৰঃ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বিজেপিৰ গোৰেশ্বৰ মণ্ডল মহিলা মৰ্চাৰ এখন কাৰ্যনিৰ্বাহক সভা দেওবাৰে গোৰেশ্বৰ মহাবিদ্যালয় কনফাৰেঞ্চ হলত অনুষ্ঠিত হৈ যায়। মহিলা মৰ্চাৰ সভানেত্রী মল্লিকা চৌধুৰীৰ পৰিচালনাত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মৰ্চাৰ সম্পাদিকা মামনি ডেকা ৰাজবংশীয়ে।
সভাত কামৰূপ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰমি শৰ্মাই দলৰ সাংগঠনিক দিশ সম্পৰ্কে বক্তব্য আগবঢ়াই মহিলা সকলৰ সৰ্বাংগীন উন্নয়ণৰ বাবে তেওঁলোকে স্ব-নিৰ্ভৰশীল হোৱাতো খুবেই প্ৰয়োজন বুলি কয়। সেয়েহে তাঁতশাল, চিলাই মেচিন, এম্প্ৰোড্ৰায়িং আদিৰ প্ৰশিক্ষণ দি তেওঁলোকক প্ৰশিক্ষিত কৰি তুলিব লাগিব।
প্ৰশিক্ষণৰ অন্তত মুদ্ৰা লোনৰ জৰিয়তে প্ৰত্যেক গাঁও আৰু চহৰত মহিলাসকলক স্বাৱলম্বী কৰাৰ আহ্বান জনাই নেত্ৰী গৰাকীয়ে। প্ৰশিক্ষণৰ জৰিয়তে প্ৰতিটো বুথত ২১ জনীয়া সদস্যৰে দলক শক্তিশালী কৰাৰো আহ্বান জনায়। সভাত কামৰূপ জিলা মহিলা মৰ্চাৰ সদস্যা ভণিতা দেৱীয়েও সাংগঠনিক দিশত বক্তব্য আগবঢ়াই। উত্তৰ কামৰূপ জিলাৰ আইন পৰামর্শদাতা আনচুমা বড়ো, উপ-সভাপতি অৰুণ সাহা আৰু গোৰেশ্বৰ মণ্ডল সমিতিৰ সম্পাদক মহেন্দ্ৰ বৰা উপস্থিত থাকে। ইয়াৰ পূর্বে মণ্ডলৰ সভাপতি যতীন ডেকাই বন্তি প্ৰজ্বলন কৰি সভাৰ শুভাৰম্ভ কৰে।