বাক্সাৰ কুমাৰিকাটাত অনুষ্ঠিত হ’ল ৰাষ্ট্ৰীয় কম্পিউটাৰ শিক্ষা বঁটা বিতৰণ সভা

নলবাৰীঃ বিটিএডিৰ বাক্সা জিলাৰ কুমাৰিকাটাত দেওবাৰে ৰাষ্ট্ৰীয় কম্পিউটাৰ বটাঁ বিতৰণী সভা অনুষ্ঠিত হয়। কুমাৰিকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিতেশ বায়নে বন্তি প্ৰজলন কৰি কাৰ্যসুচীৰ শুভৰাম্ভ কৰে। উদ্দেশ্য বাখ্যা কৰে পৰিচালক অমৰ সিং ব্ৰহ্মই।

কুমাৰিকাটাৰ ৰাষ্ট্ৰীয় কম্পিটাৰ শিক্ষাৰ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু শিক্ষক বৃন্দৰ লগতে অভিভাৱক সকল উপস্থিত থাকে।

প্রদিপ দৈমাৰীয়ে সৰ্বোচ্চ ৮৫ শতাংশ নম্বৰ লাভ কৰে। ৮৩ শতাংশ নম্বৰ লাভ কৰি  দ্বিতীয় স্থান লাভ কৰে প্ৰবীণ বসুমতাৰীয়ে। বঁটা বিতৰণী অনুষ্ঠানত সাংস্কৃতিক গীত নৃত্যৰ লগতে এক আন্দময় পৰিবেশৰ মাজেৰে সকলো ছাত্ৰ-ছাত্ৰীক উৎসাহ দি বঁটা প্ৰদান কৰে কুমাৰিকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিতেশ বয়নে। তাৰ মাজতে দুপৰীয়া মধ্যহ্ন ভোজনৰ ব্যৱস্থা কৰে ৰাষ্ট্ৰীয় কম্পিউটাৰ শিক্ষা বিভাগ কৰ্তৃপক্ষই৷