নলবাৰীত মিনাক্ষী শৰ্মাৰ কেনভাচত হৃদয়ৰ ভাষা উন্মোচন

নলবাৰীঃ নলবাৰী কলেজৰ ছাত্ৰী মিনাক্ষী শৰ্মাৰ দ্বাৰা ৰচিত এখন কাব্য গ্ৰন্থ 'কেনভাচত হৃদয়ৰ ভাষা' দেওবাৰে সন্ধিয়া নলবাৰী আছুৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত উন্মোচন কৰা হয়। কাব্য গ্ৰন্থ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই।

গ্ৰন্থ  উন্মোচন কৰি ডঃ ভট্টাচাৰ্য ভাল শব্দ মুখেৰে উচ্চাৰণ কৰি ভাল কৰ্মত ব্যৱহাৰ কৰিলে মানুহৰ উপকাৰ হয় বুলি কয়। শব্দই সদায়ে ভাল কথা কয়। ভাল শব্দৰ ব্যৱহাৰেৰে ৰচিত কবিতাও পঢ়ুৱৈক আনন্দ দান কৰে।

নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱাই সভাপতিত্ব অনুষ্ঠিত সভাত নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰধান সম্পাদক ৰমেন কলিতা, জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, শিক্ষাবিদ ৰীতা বৰুৱা, সাংবাদিক প্ৰদীপ বৰ্মন, প্ৰতাপ ভাগৱতীয়ে ভাষন দি নতুন কবি মিনাক্ষী শৰ্মাক প্ৰেৰণা দিয়ে।