মুকলি হ’ল 'জোনাকী পুথিভড়াল’

বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ পিঙ্গলেশ্বৰৰ শৈক্ষিক উত্তৰণৰ বাবে কাম কৰাৰ মানসেৰে জন্ম দিয়া 'জোনাকী পুথিভড়াল’ দেওবাৰ ৰাইজৰ বাবে মুকলি কৰা হয়। দেওবাৰে পিঙ্গলেশ্বৰত জগদীশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত জোনাকী পুথিভড়াল ৰাইজৰ বাবে মুকলি কৰা হয়৷

সভাত উপস্থিত থাকি পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ডঃ নৃপেন্দ্ৰ নাথ তালুকদাৰে জাৰ্মানীত ওঠৰ শতিকাত গ্ৰন্থ অধ্যয়নৰ যি আসক্তি গঢ় লৈ উঠিছিল আজিৰ সমাজতো তাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট চিন্তাবিদ নিবন্ধকাৰ ময়ূৰ বড়াই ভাষনেৰে উপস্থিত জনতাক সন্মোহিত কৰে।

পিঙ্গলেশ্বৰ নিবাসী বিদ্যানুৰাগী অনিল চন্দ্ৰ কাকতিৰ ব্যক্তিগত প্ৰচেষ্টাত গঢ় দিয়া জোনাকী পুথিভড়ালে অঞ্চলটোৰ শৈক্ষিক উত্তোৰণৰ বুনিয়াদ ৰচনা কৰিব বুলিও ময়ুৰ বৰাই মন্তব্য প্ৰকাশ কৰে। বিশ্বায়নৰ যুগত অন্তৰমুখী শিক্ষা লাভৰ বাবে পুথিভড়াল একমাত্ৰ সমল হিচাপে অভিহিত কৰি বৰাই ব্যক্তিগত পুথিভড়াল স্থাপনে গ্ৰন্থ আন্দোলনক ত্বৰান্বিত কৰিব বুলি মন্তব্য আগবঢ়াই।

সভাত উপস্থিত থাকি সমাজকৰ্মী সুৰেশ শৰ্মা, ৰমেশ চন্দ্ৰ শৰ্মাই অনিল চন্দ্ৰ কাকতিৰ প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে অনুষ্ঠানৰ উত্তোৰোত্তৰ কামনা কৰে । তথ্য আহৰণ শিক্ষা লাভ আৰু জ্ঞান অৰ্জন তিনিও বিধৰ ক্ষেত্রত পুথিভড়ালৰ অপৰিসীম প্ৰয়োজনীয়তাৰ কথা বক্তা সকলে উল্লেখ কৰে। পুথিভড়াল উন্মোচনী সভাৰ পুৰ্বে পতাকা উত্তোলন কৰে ননৰা ছোৱালী হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কুলেন্দ্ৰ নাথ গোস্বামীয়ে। সভাত কৃতী শিক্ষাৰ্থীক সম্বর্ধনা জনোৱা হয়।