বৰষুণ দিলে নাহিব গোৱালপাৰা চহৰলৈ

গোৱালপাৰাঃ গোৱালপাৰা চহৰলৈ আহিছে নে আপুনি৷ যদি অহা নাই তেন্তে থিকেই আছে৷ যদি আহিব বিছাৰে তেন্তে বৰষুণ দিলে নাহিব৷ কিয়নো পোন্ধৰ বছৰে শাসন কৰা কংগ্ৰেছে গোৱাৰপাৰ চহৰত থৈ গৈছে পথত গাত আৰু বোকা৷ গাত বোৰত এতিয়া পানী জমা হয়৷

পানী জমা হোৱাৰ ফলত বোকাৰ সৃষ্টি হয়৷ সমগ্ৰ চহৰ খনৰ কদৰ্য ৰূপে মানুহক নাক কোচাবলৈ বাধ্য কৰিছে৷ চহৰ খনত এজাক বৰষুণত ভৰিৰ ছেণ্ডেল হাতত লব লগা হয়৷ আনহাতে ভাষণৰ ফুলজাৰিতে ব্যস্ত হৈ থকা বিজেপি চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই চহৰ খনৰ উন্নয়ণৰ বাবে৷ পৰিবৰ্তনৰ শ্ল’গান দি কংগ্ৰেছক গাডীৰ পৰা খেদি পঠায় বিজেপিয়ে৷

বিজেপিৰ প্ৰায় দুটা বছৰ সম্পন্ন হব’ৰ হ'ল যদিও ভাষণতে ব্যস্ত হৈ আছে বিজেপি নেতা-কৰ্মী৷ আজিও পৰিৱর্তনৰ ছাঁ টোকে দেখা নাপালে গোৱালপাৰা চহৰবাসীয়ে৷ গোৱালপাৰা-পঞ্চৰত্ন সংযোগী পথৰ দুৰৱস্থাই যাত্ৰীক চিন্তিত কৰে৷ দৈনিক শ শ যান বাহনৰ চলাচল কৰা পথটোত নিৰ্মাণৰ কাম আৰম্ভ হোৱা প্ৰায় চাৰি বছৰ হ’ল কিন্তু পথটোৰ পৰিৱর্তন নহল৷ ফলত জনসাধাৰণে সীমাহীন দুৰ্ভোগ ভোগ কৰি আহিছে। স্থানীয় দল-সংগঠনে আন্দোলন কৰি আহিছে যদিও বিধায়ক প্ৰশাসনে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷