পৃথক বড়োলেণ্ডৰ বিৰোধিতা অবড়ো সুৰক্ষা সমিতিৰ

মুছলপুৰঃ এৱছু, এনডিএফবি প্ৰগতিশীলকে ধৰি কেইবাটাও বড়ো জনগোষ্ঠীৰ সংগঠনে পৃথক বড়ো ৰাজ্যৰ দাবীত ৰাজপথ উত্তাল কৰাৰ বিপৰীতে এইবাৰ পৃথক বড়ো ৰাজ্যৰ বিৰোধীতাৰে আন্দোলন ঘোষনা অবড়ো সুৰক্ষা সমিতিৰ।

আজি সংগঠনটোৰ সম্পাদক তথ মুখপাত্র যোগেশ্বৰ কলিতাই এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ২১ অক্টোবৰৰ দিনা সংগঠনটোৰ সভাপতি দেলৱাৰ হুছেইনৰ সভাপতিত্বত ৰঙিয়াত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ বিৰুদ্ধে ব্যাপক গনসংগ্ৰামৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰ প্ৰথম কাৰ্যসূচী হিচাপে পৃথক বড়োলেণ্ড গঠনৰ বিৰোধিতা, বিটিচি চুক্তি পুনৰীক্ষণ, বিটিএডিৰ পৰা অনাবড়ো সংখ্যাধিক্য গাঁও কৰ্তনৰ দাবীত বিটিএডিৰ সংলগ্ন প্ৰতিটো পথতেই অবড়ো সুৰক্ষা সমিতিয়ে ৩১ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ ঘন্টীয়া অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব।

তাৰ পাছতো দাবীৰ প্ৰতি চৰকাৰী ভাবে সহাঁৰি নিদিলে প্ৰৱল গনসংগ্ৰাম গঢ়ি তোলা হ’ব বুলিও উল্লেখ কৰে অবড়ো সুৰক্ষা সমিতিয়ে। আনহাতে বিজ্ঞপ্তিত এনআৰচিত জাতি, ধৰ্মৰ প্ৰভেদ নাৰাখি ১৯৭১ চনৰ পাছত অহা কোনো বিদেশীৰে যাতে নাম অন্তৰ্ভুক্ত নহয় আৰু নিৰ্দিষ্ট সময়ত এনআৰচি প্ৰকাশৰ বাবে দাবী জনায়।

আনহাতে সংগঠনটোৰ কাৰ্যকৰী সভাপতি বিহাৰী প্ৰসাদ দাসে সংগঠন বিৰোধি ভূমিকা লোৱাৰ বাবে তেওঁক সংগঠনৰ পৰা অব্যাহতি দিয়া বুলিও বিজ্ঞপ্তিটোত উল্লেখ কৰা হয়।