বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ দুই নেতাৰ পদত্যাগ

তুলসীবাৰীঃ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰসময় দাস আৰু বৈদ্যগড় আঞ্চলিক সমিতিৰ নেতা দিলীপ দাসে সংগঠনটোৰ পৰা পদত্যাগ কৰিছে৷

এক বিজ্ঞপ্তি যোগে নেতা দুগৰাকীয়ে নিজৰ পদত্যাগৰ কথা ঘোষণা কৰি ব্যক্তিগত কাৰণৰ বাবেই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে, প্ৰায় এক দশক ধৰি নেতা দুগৰাকীয়ে সংগঠনটোক এক সবল নেতৃত্ব প্ৰদান কৰি আহিছিল৷

সক্ৰিয় নেতা দুগৰাকীৰ পদত্যাগে সংগঠনটোৰ তৃণমূল কৰ্মী সকলৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাই সেয়া লক্ষণীয় হ’ব৷