বোকাজান নগৰৰ পৰা মটৰচাইকেল চুৰি

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

কাৰ্বি আংলংঃ বোকাজান নগৰৰ ৭ নং ৱাৰ্ডৰ কৃষ্ণ নগৰৰ পৰা দেওবাৰে নিশা এখন মটৰচাইকেল চুৰি হোৱা ঘটনাই নগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুণীন হাজৰিকাৰ বাসগৃহত ভাড়াতীয়া হিচাপে থকা ডা০ শ্ৰীমন্ত বৰুৱাৰ মটৰচাইকেলখন বাসগৃহৰ চাৰিসীমাৰ ভিতৰৰ পৰাই নিশা চোৰে চুৰি কৰি নিয়ে৷ 

ঘটনাৰ বিৱৰণী মতে, ডা০ শ্ৰীমন্ত বৰুৱাই কাতি বিহু উপলক্ষে শিৱসাগৰৰ নিজা বাসগৃহলৈ যায় আৰু তেওঁৰ ভাড়াতীয়া কোঠাত একেলগে থকা ডা০ শিখৰজ্যোতি ভূঞাক নিজৰ নামত থকা এ এছ-০৪-এল-০৯২৪ নম্বৰৰ ৰঙা ৰঙৰ হিৰ' কোম্পানীৰ এছিভাৰ মটৰচাইকেলখনৰ দ্বায়িত্ব দি যায়৷ ডা০ ভূঞাই কালি নিশা আহাৰ গ্ৰহণ কৰি প্ৰায় ১১-৩০ বজাত গেটত তলা লগাই আৰু মটৰচাইকলখনো কোঠাৰ বাহিৰত একাষে তলা লগাই ৰাখে৷ 

ডা০ ভূঞাৰ ভাষ্য অনুসৰি তেখেতে পুৱতি নিশা প্ৰায় ৩ মান বজালৈকে পঢ়ি আছিল যদিও মটৰচাইকেলখন চুৰি কৰাৰ বিষয়ে কোনো কথাই গম নাপালে৷ আজি পুৱা প্ৰায় ৯ মান বজাত বিচনা এৰাৰ পাছত কোঠাৰ বাহিৰত মটৰচাইকেলখন নেদেখি তেওঁ হতবাক হৈ পৰে৷ ততাতৈয়াকৈ তেখেতে গেটখন ভালদৰে নিৰীক্ষণ কৰাত গেটৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু তেতিয়াহে জানিব পাৰে যে মটৰচাইকেলখন নিশা চোৰে চুৰি কৰি নিয়ে৷ 

উল্লেখ্য যে, উক্ত মটৰচাইকেল চুৰি সন্দৰ্ভত ডা০ ভূঞাই মটৰচাইকেলখনৰ গৰাকী ডা০ শ্ৰীমন্ত বৰুৱাক ফোন যোগে অৱগত কৰে আৰু তেখেতৰ লগত আলোচনা মৰ্মে আজি বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকনাথ গগৈক এখন এজাহাৰ দাখিল কৰে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে মটৰচাইকেলখনৰ কোনো শুং-সূত্ৰ উলিয়াব পৰা নাই৷