
লংকাঃ ৰেলৰ যাত্ৰীক সকলো সা-সুবিধা প্ৰদান কৰি দেশৰ ৰে'ল ব্যৱস্থাৰ আমুল পৰিবৰ্তন সাধনৰ শ্ল’গানৰ মাজতে কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰীৰ গৃহ সমষ্টিতে এতিয়া ৰেলৰ টিকটৰ নামত চলিছে ব্যাপক লুণ্ঠনৰাজ৷ কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী হিচাপে নগাঁও লোকসভা সমষ্টিৰ বিজেপি সাংসদ ৰাজেন গোহাইে দ্বায়িত্ব লাভ কৰাৰ পাছত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰে'ল ব্যৱস্থাৰ অধিক উন্নয়ণ হ’ব বুলি আশা কৰাৰ সময়তে একাংশ দালালৰ ৰম্যভূমিত পৰিণত হৈছে লংকা ৰেলৱে ষ্টেছন৷
তাৰ পাছতো নীৰৱ ভূমিকা অৱৰ্তীণ হৈ পৰিছে লংকা ৰেলৱে ষ্টেছন কৰ্তৃপক্ষ। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি লংকা ৰেলৱে ষ্টেছনৰ এটি টিকট কাউন্টাৰত তৎকালীন টিকটৰ নামত অবৈধ ব্যবসায় চলি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। এজন যুৱকে তৎকালীন টিকট সংগ্ৰহৰ বাবে আহিছিল লংকা ৰেলৱে ষ্টেছনলৈ৷ টিকট কাউন্টাৰত টিকট সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত একাংশ দালাল উপস্থিত হৈ যুৱক জনৰ টিকট সংগ্ৰহ কৰাৰ নামত দিয়া আবেদন খন দলিয়াই দিয়ে৷
পৰৱৰ্তী সময়ত যুৱকজনে পুনৰ টিকট সংগ্ৰহ কৰিবলৈ আবেদন কৰিও টিকট নাপালে৷ বিপৰীতে, লংকা ৰেল কৰ্তৃপক্ষৰ সৈতে দালালৰ গোপন বুজাবুজিৰ বাবে ধনৰ বিনিময়ত টিকট লাভ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷ এই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত লংকা ৰেল ষ্টেছন মাষ্টৰে সাংবাদিকৰ আগত তুলুঙা মন্তব্য হে প্ৰদান কৰে৷ এই বিষয়ত ষ্টেছন মাষ্টৰ অৱগত নহয় বুলি কয়৷ এতিয়া প্ৰশ্ন হয়, সচাকৈয়ে লংকা ৰেল ষ্টেছন কৰ্তৃপক্ষৰ গোপন বুজাবুজিৰে চলি আছে নেকি দালালৰাজ? বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো কিয় ব্যবস্থা নলয় লংকা ৰেল কৰ্তৃপক্ষই৷ ৰেলৱেে কৰ্তৃপক্ষই আগন্তুক সময়ত কি বিহিত গ্ৰহণ কৰিব লক্ষণীয় হ’ব।