বন বিভাগে জব্দ কৰিলে চোৰাং কাঠ-অবৈধ কাঠ মিল

বঢ়মপুৰঃ বন বিভাগৰ অভিযানত জব্দ হ’ল কেইবা লাখ টকাৰ কাঠ আৰু কাঠ ফলা মিল৷ নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ে চলোৱা অভিযানত এই সফলতা লআব কৰে৷

শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ে খলিহামাৰী আৰু বৰভগীয়াত পৃথকে পৃথকে চলোৱা অভিযানত চোৰাং কাঠ আৰু অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, বন বিভাগৰ দলটোৱে খলিহামাৰীৰ গুলজাৰ আলীৰ ঘৰত অভিযান চলায় প্ৰায় ৫০হাজাৰ টকাৰ চেগুন আৰু মাকৈ শাল কাঠ জব্দ কৰে৷

ইয়াৰ পাছতেই শালনা আঞ্চলিক বন বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত যোৱা বন বিভাগৰ দলটোৱে মিছা বৰভগীয়াৰ নাম গাঁৱত অভিযান চলায় আকাশ জয়চোৱালৰ অবৈধ কাঠ ফলা মিলটো জব্দ কৰাৰ লগতে প্ৰায় ৫০হাজাৰ টকাৰ মৃল্যৰ চেগুন কাঠখিনিও জব্দ কৰিবলৈ সক্ষম হয়৷