সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটীঃ শনিবাৰে সোণাৰিত বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এক সভাত সাংসদ কামাখ্যা প্ৰসাদ তাছাই গান্ধী-নেহৰুক জাৱৰৰ সৈতে তুলনা কৰিছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে এনে ভাষ্য প্ৰদান কৰে সাংসদ তাছাই।

সাংসদ গৰাকীয়ে কংগ্ৰেছে দীনদয়াল উপাধ্যায়ৰ নীতি আদৰ্শ নজনাকৈ কেৱল গান্ধী নেহৰুৰ নামত ৰাইজৰ মুৰত জাৱৰ এসোপা সোমাই দিলে আৰু ইয়াৰ পিছত বেলেগ থিয়ৰি পাহৰি গল ৰাইজে বুলি কয়। ইয়াৰ পিছতে ৰাজ্যত আৰম্ভ হয় প্ৰতিবাদৰ জোৱাৰ৷ কংগ্ৰেছ নেতা-কৰ্মীয়ে ক্ষোভিত হৈ ৰাজ পথলৈ ওলাই আহে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে বিৰোধি দলৰ নেতা দেবব্ৰত শইকীয়াই সাংসাদগৰাকীৰ মন্তব্যক গৰিহনা দিয়ে৷

সোমবাৰে উজনিৰ শিৱসাগৰ, নাজিৰা আদি আদি ঠাইত কংগ্ৰেছে প্ৰতিবাদ জনায়৷ সাংসদ গৰাকীয়ে এনে উদ্ভট মন্তব্য কৰি জাতিৰ পিতাক অপমান কৰাৰ লগতে দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰীকো অপমান কৰে। এই অপমান সূচক মন্তব্য কৰাৰ লগতে ৰাস্তা ঘাটৰ শোচনীয় অৱস্থাৰ বাবে নেৰানেপেৰা বৰষুণৰ বাবে ৰাস্তা ঘাটৰ নিৰ্মান কৰিব পৰা নাই বুলি কৈ যি দিনাৰ পৰাই বিজেপি চৰকাৰ হৈছে সেইদিনাৰ পৰাই প্ৰবল বৰষুণৰ কোপত ৰাস্তা ঘাট বনোৱাৰ কথা ভাবিবই পৰা নাই বুলি কয়। উল্লেখযোগ্য যে, মহাত্মা গান্ধীক জাৱৰৰ সৈতে তুলনা কৰা মন্তব্যক সহজে লোৱা নাই ৰাজ্যবাসীয়ে৷