কাবাডী প্ৰতিযোগিতাত হাতীত উঠিল বহু কংগ্ৰেছ-বিজেপিৰ নেতা

বঢ়মপুৰঃ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি বঢ়মপুৰ বিধানসভা সমষ্টিৰ বহু কংগ্ৰেছ আৰু বিজেপি দলৰ নেতা-কৰ্মীয়ে অসম গণ পৰিষদত যোগদান কৰে৷ দেওবাৰে নিশা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত প্ৰায় শতাধিক লোকে কংগ্ৰেছ আৰু বিজেপি ত্যাগ কৰি অসম গণ পৰিষদত যোগ দিয়া কাৰ্যক আমাৰ দলৰ বাবে এক শুভ লক্ষণ বুলি কয় মহন্তই৷ মই তেওঁলোকক আদৰণি জনাইছো আৰু ভৱিষ্যতে সকলোৱে একেটা পৰিয়ালৰ হৈ সমিল-মিলেৰে কাম কৰি যাম বুলি মহন্তই মন্তব্য আগবঢ়ায়৷

জানিব পৰা মতে, মহন্তই নৱ সুৰুয যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত কাবাডী প্ৰতিযোগিতা উদ্ধোধন কৰিব গৈছিল মহন্তই৷ যাৰ বাবে অনুষ্ঠিত হৈছিল এখন সভা৷

সভাখনত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে যুৱ পৰিষদৰ সম্পাদক ভাস্কৰ দাস, অসম গণ পৰিষদৰ নগাঁও জিলা সমিতিৰ সহঃ সম্পাদক গোলাপ শইকীয়া, উপদেষ্টা কুলেন শইকীয়া, অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ধ্রুৱজ্যোতি শৰ্মা, হালোৱাগাঁও আঞ্চলিকৰ বিষয়-ববীয়া দুল্লভ হাজৰিকা, প্ৰভাত বৰা, নয়ন মনি বৰা, লক্ষ্যজিৎ চমুৱা, বঢ়মপুৰ আঞ্চলিকৰ নৰেন শৰ্মা আৰু কচকো ক্লাৱৰ মদন লামা আৰু সুশান্ত বৰা উপস্থিত আছিল৷

কাবাডী খেলৰ সভাতেই প্ৰাক্তন আঞ্চলিক সদস্য হৰেন গোস্বামী, বিজেপি দলৰ মুন বৰা, বঢ়মপুৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাৰ ঘনিষ্ঠ নিতুল হাজৰিকাৰ লগতে ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত নৱ সুৰুয যুৱক সংঘৰ সকলো সদস্য-সদস্যাই অসম গণ পৰিষদত যোগদান কৰে৷