৩২ বছৰে বিনা বেতনে কাম কৰি শিক্ষানুষ্ঠানৰ বাবে ২ বিঘা মাটি দি গ'ল জলিলে

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গুৱাহাটীঃ মানুহগৰাকীয়ে প্ৰায়ে কৈছিল এইবাৰ চৰকাৰে স্কুল লব৷ আমাৰ স্কুলখনো লিষ্টত আছে৷ স্কুল খনে হলে ৰক্ষা৷ ঘৰ খন চলাব পাৰিম৷ নহলে বৰ বেয়া পৰিস্থিত হৈছে মোৰ ঘৰ খনৰ৷ এই মন্তব্য আছিল জলিল মণ্ডলৰ৷ ধুবুৰী জিলাৰ ওচমান গনি মেমোৰিয়েল এম ই স্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জলিল মণ্ডলে সহকৰ্মী তথা বন্ধুসকলক প্ৰায়ে এই খিনি কথা কৈছিল৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত জলিল মণ্ডল অৱশেষত চিকিৎসাৰ অভাৱত মৃত্যু বৰণ কৰিব লগা হয়।

যোৱা ২০ অক্টোবৰত তেওঁ বিনা চিকিৎসাই এই সংসাৰৰ পৰা বিদায় লয়। নিজৰ দুই বিঘা মাটি বিদ্যালয়ৰ নামত দান দি ৩২ বছৰে ভেন্সাৰ শিক্ষানুষ্ঠানখনত খাটি অৱশেষত জটিল সন্ধিক্ষণত বিদায় ল'ব লগা হ'ল মণ্ডলে। ৩২ টা বছৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কাম কৰিও পৰিয়ালৰ হাতত ফুটা কড়ি এটাও দি যাব নোৱাৰিলে তেও৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীক গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷

চৰকাৰে খনে এটি অনিশ্চিত ভৱিষ্যতৰ দিশে ঠেলি দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰ ধুবুৰীৰ ৰাইজে। প্ৰশ্ন উত্থাপন হৈছে নিৰ্বাচনৰ পুৰ্বে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ দিয়া প্ৰতিশ্ৰুতি কেতিয়া পুৰণ কৰিব৷ নে চৰকাৰে, সকলো মৰি শেষ হ'ব তেতিয়া গুৰুত্ব দিব নেকি বুলি ক্ষোভ এগৰাকী শিক্ষক সংগঠনৰ নেতাই।  প্ৰাদেশিকীকৰণ নামত চৰকাৰে যিখন নাটক আৰম্ভ কৰিছে তাত পথভ্ৰষ্ট হৈ এতিয়া এজন এজনকৈ শিক্ষক-কৰ্মচাৰী মৃত্যু মুখত পৰিব লগা হৈছে৷

ৰাজ্যৰ বহু কেইজনে শিক্ষকে আত্মহত্যাও কৰিছে৷ চৰকাৰে শিক্ষকৰ কোনো কথাক ভ্ৰুক্ষেপ কৰা নাই যদিও বাস্তৱতে এতিয়া ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ মোহ ভংগ হৈছে চৰকাৰৰ পৰিৱৰ্তন নীতিত । নতুন চৰকাৰৰ পৰিৱৰ্তন নীতিৰ কবলত পৰি, দীৰ্ঘদিন প্ৰাদেশিকীকৰণ আশা পালি থাকি অৱশেষত জলিল গলগৈ৷