সেউজীয়া সোণৰ লেই-লেই ছেই-ছেই অৱস্থা

ফিল’বাৰীঃ ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক তীব্ৰ সংকটত পৰিছে৷ দিনে দিনে চৰম সংকটত পৰিছে ক্ষ্ষুদ্ৰ চাহ খেতিয়ক সকল৷ উচিত মূল্যৰ অভাৱত কোনো কোনো ঠাইত খেতিয়কে কাটি পেলাইছে বিঘাই বিঘাই চাহ খেতি, আৰু কোনো ঠাইত যথোচিত মূল্য নাপাই ৰাজপথত চাহ পাত পেলাই দিয়াৰ লগতে আন একাংশ কৃষকে বাগানৰ চাহ পাত ছিঙিবলৈকে বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাতো সেউজীয়া সোণ স্বৰূপ কেঁচা চাহ পাতৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পাবলৈ ধৰিছে৷ যোৱা প্ৰায় এমাহ ধৰি জিলাখনৰ সহস্ৰাধিক চাহ খেতিয়কে চাহৰ এটা সন্মানজনক দৰ লাভ কৰাৰ পৰা বঞ্চিত হোৱাত ভীতিগ্ৰস্ত হৈ পৰিছে সমুহ চাহ খেতিয়ক৷ জিলা খনত হঠাতে কেঁচা পাতৰ দাম ১৫/১৬ টকাৰ পৰা অৱনমিত হৈ ৭/৮ টকা হোৱাত প্ৰতি কিলোগ্ৰাম হোৱাত উৎপাদিত ব্যয় লাভ কৰিবলৈকো সক্ষম হোৱা নাই কৃষক সকল।

পৰিতাপৰ কথা যে চাহ কৃষক সকলৰ এনে সংকটময় ক্ষণতো এষাৰ মাত দিবলৈকো আহৰি পোৱা নাই চৰকাৰ,প্ৰশাসন কিম্বা ভাৰতীয় চাহ সন্থাই৷ কিন্তু অন্যহাতে সেই চৰকাৰ খনেই কোটি টকা খেদাই প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেচেদৰ কৰি পৰ্যটনৰ ক্ষেত্ৰত চাহ খেতিকেই আগস্থানত দেখুৱাইছে৷ আনহাতে ভাৰতীয় চাহ সন্থাৰ নিৰৱতাক সহজভাৱে ল’ব পৰা নাই ক্ষুদ্ৰ চাহ খেতিয়ক সকলে৷ যদিহে শিঘ্ৰেই এই সমস্যা সমাধানৰ ক্ষেত্ৰত চাহ সন্থাই একো উপায় নুলিয়াই তেন্তে আন্দেলন কৰাৰ দিশে যাব সেউজীয়া সোণৰ খেতিয়ক সকল৷