
ডিফুঃ বড়ো জনগোষ্ঠীয়ে সুকীয়া ৰাজ্যৰ দাবীত নেৰা-নেপেৰা আন্দোলন অব্যাহত থকাৰ সময়তে এইবাৰ সুকীয়া ৰাজ্যৰ দাবীত প্ৰতিবাদ কৰিবলৈ সাজু হৈছে কাৰ্বি জনগোষ্ঠী৷ বছৰ বছৰ ধৰি সুকীয়া ৰাজ্যৰ দাবীত সংগ্ৰাম কৰি অহা কাৰ্বি দল-সংগঠনে সুকীয়া ৰাজ্যৰ পোষকতা কৰি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত মঙলবাৰে ডিফুস্থিত ফাৰ্মাৰ্চ গ্ৰ'থ চেণ্টাৰৰ সভাকক্ষত এখন সৰ্বদলীয়া সভা অনুষ্ঠিত হয়৷
দীৰ্ঘদিনীয়া কাৰ্বিআংলং স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত প্ৰতিবাদ কৰি অহা সংগঠন কেইটাই সৰ্বদলীয় আলোচনা সভাৰ জৰিয়তে চৰকাৰক শীঘ্ৰে ৰাজ্য দিয়াৰ দাবী জনায়৷ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বে'ৰ সভাপতিত্বত অনুষ্ঠিত সভাত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য, কাৰ্য্যবাহী সদস্য, সদস্য, বিধায়ক ক্ৰমে, ছুম ৰংহাঙ, ডঃ মানচিং ৰংপি, জয়ৰাম ইংলেঙ, ডাঃ নোমল মোমিন আৰু সাংসদ বিৰেণ চিং ইংতিৰ উপৰিও কেইবাটাও সামাজিক সংগঠন, তথা ছাত্ৰ সংগঠনৰ বিষয়ববীয়াকে আদি কৰি বহু নেতাই ভাষণ আগবঢ়ায় সুকীয়া ৰাজ্যৰ পোষকতা কৰে৷
ভাৰতীয় সংবিধানৰ গণ্ডিত থাকি সকলো সম্প্ৰদায়ক লগতলৈ গঠনমূলক পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ সংকল্প লয়। পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে কাৰ্বি ভূমিৰ বাবে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী জাতিৰ বাবে থকা অনুচ্ছেদ ২৪৪ (ক)ৰ এখন স্বায়ত্ত ৰাজ্যৰ দাবী আন্দোলন দল-সংগঠনৰ মাজত কোনো বিভাজন ননাকৈ ঐক্যবদ্ধ ভাবে সংগ্ৰাম চলাই নিলেহে স্বায়ত্ত ৰাজ্য পোৱা যাব বুলি কয়৷ এই সন্দৰ্ভত চলিত বৰ্ষতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণৰ বাবে দাবী জনাব বুলি কয়৷ স্বায়ত্ব ৰাজ্য সন্দৰ্ভত কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেণ চিং বে'ই এম ৰতন টেৰণে বিভিন্ন বক্তাই ভাষণ প্ৰদান কৰে৷