৫৪নং লংকা-লামডিং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, নিহত ২

লংকাঃ হোজাই জিলাৰ ৫৪নং লংকা-লামডিং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ২বাইক আৰোহিৰ মৃত্যু হয়। লামডিঙৰ ঘন অৰণ্যৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।

এখন নম্বৰ প্লেট বিহীন বাইকত আহিছিল যুৱক দুজন। এতিয়া উদ্ধাৰ হোৱা নাই যুৱক দুজনৰ পৰিচয়। অচিনাক্ত বাহনে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ কৰা হৈছে।